বিহু নাচ আৰু মডেলিং প্ৰতিযোগিতাত সফলতা লাভ কৰা আমগুৰিৰ কনমানিৰ মহৎ কৰ্ম
শিৱসাগৰ, ০১ জুন (হি স)। শিৱসাগৰ জিলাৰ আমগুৰিৰ এগৰাকী প্ৰতিভাৱান কণমানিৰ এক মহৎ কৰ্মই এতিয়া সকলোৰে দৃ
বিহু নাচ আৰু মডেলিং প্ৰতিযোগিতাত সফলতা লাভ কৰা আমগুৰিৰ কনমানিৰ মহৎ কৰ্ম


শিৱসাগৰ, ০১ জুন (হি স)। শিৱসাগৰ জিলাৰ আমগুৰিৰ এগৰাকী প্ৰতিভাৱান কণমানিৰ এক মহৎ কৰ্মই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষ প্ৰতিভাধৰ আমগুৰিৰ উন্মনা কোঁৱৰ নামৰ সাত বছৰীয়া উন্মনা সৰুৰে পৰা বিহু নাচ আৰু মডেলিঙৰ প্ৰতি খুবেই আগ্ৰহী হোৱাৰ ফলত ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিহু নাচ আৰু মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী উন্মনাই প্ৰতিযোগিতাত লাভ কৰা মাননিৰ এটা অংশ আমগুৰিৰ দেওপানীৰ এগৰাকী দৰিদ্ৰ মহিলাক প্ৰদান কৰিবলৈ আগবাঢ়ি আহিথে।

এই বিশেষ কৰ্মৰ বাবে চৰ্চালৈ আহিছে কণমানি শিৱসাগৰ জিলা আমগুৰিৰ উন্মনা কোঁৱৰ। কনমানি উন্মনাৰ বিশেষ কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। উন্মনাই প্ৰতিযোগিতাত লাভ কৰা মাননিৰ এটা অংশ প্ৰদান কৰিলে আমগুৰিৰ দেওপানীৰ এগৰাকী দৰিদ্ৰ মহিলাক। নিজৰ প্ৰাপ্যৰ এটা অংশ ব্যয় কৰি উন্মনাই দেওপানীৰ অসহায় দৰিদ্ৰ মহিলা এলিনা বেগমক সকাহ দিবলৈ আগবাঢ়ি আহিছে। কণমানি জনীয়ে প্ৰতিযোগিতাত লাভ কৰা মাননিৰ টকাৰে বিভিন্ন দৰিদ্ৰ পৰিয়ালক সহায় কৰি যাম বুলি জনায়। উন্মনাই লোৱা পদক্ষেপক স্থানীয় ৰাইজেও শলাগ লৈছে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande