আজাদী অমৃত মহোৎসৱ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা কাৰ ৰেলী
গোৱালপাৰা, ৩১ মার্চ (হি.স.): আজাদীৰ অমৃত মহোৎসৱ উপলক্ষে পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা কাৰ ৰেলী উলিয়াইছে
আজাদী অমৃত মহোৎসৱ উপলক্ষে ভাৰতীয় সেনা বাহিনীৰ পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা কাৰ ৰেলী


গোৱালপাৰা, ৩১ মার্চ (হি.স.): আজাদীৰ অমৃত মহোৎসৱ উপলক্ষে পূৰ্বোত্তৰ ভাৰত পৰিক্ৰমা কাৰ ৰেলী উলিয়াইছে ভাৰতীয় সেনা বাহিনীয়ে। পশ্চিমবঙ্গৰ পৰা ২৩ মাৰ্চ তাৰিখে আৰম্ভ হোৱা এই কাৰ ৰেলী আজি গোৱালপাৰাৰ সৈনিক স্কুলত উপস্থিত হয়। জীৱিত অৱস্থাত পৰমবীৰ চক্ৰ পদক লাভ কৰা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাৰ কেপ্তেইন যোগেন্দ্ৰ সিং যাদৱ আৰু সৌৰ্য চক্ৰ পদকপ্ৰাপ্ত বীগ্ৰেডিয়াৰ কে এন সিন্ধেৰ নেতৃত্বত কাৰ ৰেলীটো গোৱালপাৰাৰ সৈনিক স্কুলত উপস্থিত হয়।

জীৱিত অৱস্থাত পৰমবীৰ চক্ৰ লাভ কৰা বীৰসেনা যোগেন্দ্ৰ সিং যাদৱক চিনাকি কৰোৱাই দিয়া আৰু ভাৰতীয় সেনাৰ সৌৰ্য প্ৰচাৰৰ বাবে এই কাৰ ৰেলী। পশ্চিমবঙ্গ ৰাজ্যকে ধৰি উত্তৰ-পূৱৰ সাতখন ৰাজ্য পৰিভ্ৰমন কৰিব এই কাৰ ৰেলীটো। উত্তৰ-পূৱৰ প্ৰতিখন ৰাজ্যৰ নামত গাড়ীত নামফলক বা স্টিকাৰ লগোৱা দেখিবলৈ পোৱা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande