লামডিং-বদৰপুৰ পাহাৰ লাইনত মালবাহী ৰে'ল লাইনচ্যুত, সকলো ৰে'ল সেৱা বন্ধ
হাফলং, ২৫ এপ্ৰিল (হি.স.): লামডিং-বদৰপুৰ পাহাৰ লাইনত মালবাহী ৰে’ল এখন ৰে’লপথৰ পৰা লাইনচ্যুত হয়। ইয়াৰ
ৰে’ল লাইনচ্যুত


হাফলং, ২৫ এপ্ৰিল (হি.স.): লামডিং-বদৰপুৰ পাহাৰ লাইনত মালবাহী ৰে’ল এখন ৰে’লপথৰ পৰা লাইনচ্যুত হয়। ইয়াৰ ফলত হিল লাইনত থকা সকলো ৰে’ল সেৱা বন্ধ হৈ পৰিছে। বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা।

আজি পুৱা হাৰংগাজাও আৰু জাটিংগা লামপুৰ ষ্টেচনৰ মাজত ১১০ কিলোমিটাৰ দূৰত্বত বদৰপুৰৰ পৰা লামডিং অভিমুখী এখন খালী সামগ্ৰী পৰিবাহী ৰে’ল লাইনচ্যুত হয়। খালী মাহবাহী ৰে’লখনৰ ইঞ্জিনৰ চাৰিটা চকা ৰে’লপথৰ পৰা ওলাই যায়। তথ্য লাভ কৰাৰ পাছত বদৰপুৰৰ পৰা উদ্ধাৰকাৰী ৰে’লখন আহি দুৰ্ঘটনাগ্ৰস্ত মালবাহী ৰে’লখনৰ চকা ৰে’ললাইনৰ পৰা উঠাই নিয়াত দুপৰীয়া প্ৰায় ৩:৩০ বজাত পাহাৰ লাইনত পুনৰ ৰে’লৰ চলাচল আৰম্ভ হয়।

ইয়াৰ পিছতে দুৰ্ঘটনাস্থলীৰ মাজেৰে পাৰ হৈ যায় শিয়ালদহ-চিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন। কাঞ্চনজংঘা এক্সপ্ৰেছ পাৰ হৈ যোৱাৰ পিছত ১১০ কিলোমিটাৰ অংশত আন এটা লাইট ইঞ্জিন ৰে’লপথৰ পৰা ওলাই যায়। যাৰ বাবে পুনৰ পাহাৰৰ ৰে’লপথত ৰেলপথৰ গতিবিধি বন্ধ হৈ পৰে।

পাহাৰীয়া লাইনত কেতিয়া ৰে’ল যাতায়ত পুনৰ আৰম্ভ হ’ব সেই সম্পৰ্কে অনিশ্চয়তাৰ সৃষ্টি হৈছে। ইফালে ডি আৰ এমৰ সৈতে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলে দুৰ্ঘটনাস্থলীত উপস্থিত হয়। খবৰ অনুসৰি নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ জেনেৰেল মেনেজাৰজন নিশা দুৰ্ঘটনাস্থলীলৈ আহিব।

জানিব পৰা মতে, হাৰংগাজাও আৰু জাটিংগাৰ মাজৰ ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশত ৰে’লখন সম্পূৰ্ণৰূপে বেঁকা হৈ পৰিছে। সেই ঠাইখন এতিয়া বিপদজনক। গতিকে উত্তৰ-পূব সীমান্ত ৰেলৱেই সেই ঠাইৰ পৰা ৰে’লপথ আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।

ইতিমধ্যে ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে ঠিকাদাৰক মাতি অনা হৈছে। ইফালে পাহাৰ লাইনত মালবাহী ৰে’ল ৰে’লপথৰ পৰা আঁতৰি যোৱাৰ বাবে জাতিংগা লামপুৰ ষ্টেচনৰ পৰা বাতিল কৰি পুনৰ নিউহাফ্লং ষ্টেচনলৈ অনা হয় ছেকেণ্ডৰাবাদ-অগৰতলা এক্সপ্ৰেছ খন। আনহাতে, ডিটেকচৰা ষ্টেচনত আবদ্ধ হৈ পৰা শিলচৰ-গুৱাহাটী এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰি পুনৰ শিলচৰলৈ লৈ যোৱা হয়। উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ সূত্ৰই জনোৱা মতে, আগৰতলা-মুম্বাই লোকমান্য তিলক এক্সপ্ৰেছ দমচৰা ষ্টেচনৰ পৰা পুনৰ বদৰপুৰলৈ ডাইভাৰ্ট কৰা হৈছে। বৰ্তমানৰ পৰিস্থিতিত উত্তৰ-পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই পাহাৰৰ ৰে’লপথত পুনৰ কেতিয়া ৰে’ল চলাচল স্বাভাৱিক হ’ব সেই সম্পৰ্কে কোনো তথ্য দিব পৰা নাই।

হিন্দুস্থান সমাচাৰ / নিৰুপম /মনোজ


 rajesh pande