কণকণ শিশুৰ গীতে-মাতে জীপাল ৪২ তম নগাঁও ডিমৌ আঞ্চলিক ৰঙালী বিহু উৎসৱ
নগাঁও, ০৫ মে’ ( হি স )। নগাঁও জিলাৰ ডিমৌ আঞ্চলিক ৰঙালী বিহু উৎসৱটি আজি দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য়
৪২ তম নগাঁও ডিমৌ আঞ্চলিক ৰঙালী বিহু উৎসৱ  আৰম্ভ : কণকণ শিশুৰ গীতে-মাতে জীপাল বিহুতলী।     


নগাঁও, ০৫ মে’ ( হি স )। নগাঁও জিলাৰ ডিমৌ আঞ্চলিক ৰঙালী বিহু উৎসৱটি আজি দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ দেওবাৰে পুৱা বিহু পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদ্যাপন সমিতিৰ সভাপতি হেমন্ত ডেকাই আৰু শ্বহীদ তৰ্পণ আগবঢ়াই সম্পাদক চানু ডেকাই ৷

আনহাতে পুৱা ৬-৩০ বজাত জয়কৃষ্ণ ডেকা আৰু মনমোহন পাটৰ সোঁৱৰণী মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্ধোধন কৰে পৰাণ কুমাৰ দাসে ৷ সদূৰ পাঠশালাৰ লগতে নগাঁও-মৰিগাঁও জিলাৰ ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মাৰাথন দৌৰ প্ৰতিয়োগিতাত সূৰ্য দাস(মৰিগাঁও), ভূপেন ডেকা(মৰিগাঁও) হৰিশ কলিতা(পাঠশালা) কুলদীপ পাটৰ( ৰহা) বিকাশ বৰদলৈ( শেতালী) আৰু ভাস্কৰ দাসে ( ডিমৌ) প্ৰথম পৰা একাদিক্ৰমে ষষ্ঠস্থান লাভ কৰে ৷

পুৱা ১১ বজাত শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি ১বজাত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ পৰাগ দাস আৰু কুমাৰ নীলিমে বিচাৰকৰ আসন শুৱনি কৰা প্ৰতিযোগিতা দুখনিৰ চিত্ৰাংকনৰ “ক” শাখাত জিংকুমনি ডেকা , অভিৰাজ দাস, বহ্নিমান ডেকাই প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰাৰ বিপৰীতে “খ”শাখাত সুদিপ্ত ডেকা, ঈশিতা ডেকা, প্ৰীতম দাসে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ৷ আনহাতে কবিতা আবৃত্তিত পৰিধি বৰাই প্ৰথম , আৰাধ্য প্ৰিয়া বৰাই দ্বিতীয়, সুখীমনি শইকীয়াই তৃতীয় স্থান লাভ কৰে ৷

দিগন্ত পাটৰ আৰু গৌৰৱ কুমাৰ ডেকাই আঁতধৰা আৰু কণকণ শিশুৰ গীতে-মাতে জীপাল হোৱা বঁটা বিতৰণী অনুষ্ঠানত প্ৰেছক্লাৱ, বেবেজীয়াৰ উপসভাপতি কল্যাণ কুমাৰ বৰাক উদ্যোগতাসকলে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ নিশালৈ সদৌ অসম ভিত্তিত বিহুৱতী আৰু বিহুকন্যা প্ৰতিযোগিতাৰে প্ৰথম দিনাৰ কাৰ্যসুচীৰ অন্ত পৰে ৷ সোমবাৰে নিশা “ব’হাগৰ এনিশা” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠনত গীতাৰ্থ গীৰিণ আৰু তন্ময়শ্ৰী বৰাই গীত পৰিবেশনৰে কৰ্যসুচীৰ অন্ত পৰিব ৷

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande