নগাঁও চহৰৰ কাৱৈমাৰী অখণ্ড আৰু ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান
নগাঁও, ০৫ মে’ (হি.স.): সুদীৰ্ঘ ৫০ বছৰৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও নগাঁও চহৰৰ কাৱৈমাৰী নামঘৰৰ প্ৰাংগনত
নগাঁও চহৰৰ কাৱৈমাৰী অখণ্ড আৰু ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান


নগাঁও, ০৫ মে’ (হি.স.): সুদীৰ্ঘ ৫০ বছৰৰ পৰম্পৰা ৰক্ষা কৰি এইবেলিও নগাঁও চহৰৰ কাৱৈমাৰী নামঘৰৰ প্ৰাংগনত চাৰি দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে অখণ্ড আৰু ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান। আজি পুৱাই ৫ বজাত প্ৰাত: প্ৰসংগ, ৬ বজাত ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্জ্বলন শ্ৰীযুত সোমেন্দ্ৰ দাসৰ দ্বাৰা কৰোৱা হয় । ৭ বজাত গংগাজল আনয়ন, ৮ বজাত ভাগৱত ভ্ৰমণ আৰু স্থাপন, ১১ বজাত খোল প্ৰসংগ নাম প্ৰসংগ, আৰু প্ৰসাদ বিতৰণ কৰা হয়। লগতে দুপৰীয়া ১ বজাত মূল বন্তি প্ৰজ্জ্বলন কৰে শ''লগুৰি সত্ৰৰ সত্ৰাধিকাৰ ও শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্তই। লগে লগে ১:১০ বজাত ভাগৱত পাঠ ও ব্যাখ্যা আৰম্ভ কৰে শ্ৰীযুত সোমেন্দ্ৰ দাসে।

এনেকৈয়েই প্ৰথম দিনাৰ কাৰ্যসূচী আন্ত পৰে আৰু ৩ দিনি দিনলৈকে চলি থাকিব ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান। আৰু প্ৰাপ্ত খবৰ অনুসৰি অহা ৬ আৰু ৭ তাৰিখে অবিৰত ভাৱে ভাগৱত পাঠ ব্যাখ্যা কৰিব শ্ৰীমান প্ৰীয়দৰ্শন ডেকাই। আৰু ৮ তাৰিখে ৩ বজাত ভকতক বিদায় আৰু ধৰ্মধ্বজা অৱতৰণ কৰি এই চাৰি দিনীয়াকৈ অনুষ্ঠিত কৰা অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সফল সামৰণি ঘটিব। লগতে সমগ্র অসমবাসী ভক্তপ্ৰাণ ৰাইজক উক্ত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ কমিটিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande