বিলাসীপাৰাৰ বলিৰচৰত বৰষুণ বিচাৰি কেইবাহাজাৰ লোকৰ নামাজ আদায়
ধুবুৰী, ২৫ এপ্ৰিল (হি.স.)। সম্প্ৰতি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। এটোপাল পানী বিচাৰি হাহাকাৰ কৰিছে বহ
বিলাসীপাৰাৰ বলিৰচৰত বৰষুণ বিচাৰি কেইবাহাজাৰ লোকৰ নামাজ আদায়


ধুবুৰী, ২৫ এপ্ৰিল (হি.স.)। সম্প্ৰতি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। এটোপাল পানী বিচাৰি হাহাকাৰ কৰিছে বহু পৰিয়ালে। উৎকট গৰমৰ বাবে কৃষকৰ খেতি পথাৰত লাগিছে জুই। ক''ৰবাত যদি খেতি পথাৰত চিৰাল ফাট মেলিছে, তেন্তে ক''ৰবাত আকৌ মৰি, পুৰি ছাৰখাৰ হৈছে ঈৰি ধান সহ বহু মূল্যৱান শস্য।

কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিত জুই লগাৰ পিছতেই পানীত হাঁহ নচৰা আৰু এক অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখত পৰিছে বিলাসীপাৰাৰ চৰাঞ্চলৰ কৃষক ৰাইজ। উপায়হীন নিৰুপায় খেতিয়কে এটোপাল পানী বিচাৰি বিলাসীপাৰাৰ বলিৰচৰত আজি আদায় কৰিছে সমূহীয়া নামাজ। পানী বিচাৰি নেদেখাজনৰ ওচৰত কৰিছে কাতৰ প্ৰাৰ্থনা।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande