নাজিৰা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত
শিৱসাগৰ, ০৫ মে (হি.স.)। সদৌ অসম কবি সন্মিলনৰ শ্ৰেষ্ঠ স্বীকৃত শাখা নাজিৰা কবি সন্মিলনৰ দ্বিতীয় দ্বি-
নাজিৰা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত


শিৱসাগৰ, ০৫ মে (হি.স.)। সদৌ অসম কবি সন্মিলনৰ শ্ৰেষ্ঠ স্বীকৃত শাখা নাজিৰা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি চকীমুখ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ সাহিত্য কোষৰ সহযোগত চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

আজি পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভনি কৰা অধিৱেশনখনিৰ মুকলি সভাত সভাপতিত্ব কৰে নাজিৰা কবি সন্মিলনৰ সভাপতি অৰুণা চেতিয়া খাটনিয়াৰে। মুকলি সভাত স্মৃতি গ্ৰন্থ ''কাব্যাঞ্জলী'' , কাব্য পত্ৰিকা ''প্ৰতিতী'' উন্মোচন কৰাৰ উপৰি শাখাৰ বিভিন্ন বঁটা প্ৰদান আৰু নাজিৰাৰ শিক্ষা সাহিত্যৰ লগত জড়িত চাৰিগৰাকী বিশিষ্ট বৰ্ষীয়ান ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। কবিতা পাঠ, নৃত্য, গীতেৰে জীপাল হৈ উঠা অধিৱেশনখনীত সদৌ অসম কবি সন্মিলনৰ সাধাৰণ সম্পাদককে ধৰি শিৱসাগৰ জিলা আৰু নাজিৰা শাখাৰ বিষয় - ববীয়া সকলৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande