ৰঙিয়াত মথাউৰি নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ
কামৰূপ, ৩১ মার্চ (হি.স.): ৰঙিয়াত মথাউৰি নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। বালি মাটি
দুৰ্ণীতি


কামৰূপ, ৩১ মার্চ (হি.স.): ৰঙিয়াত মথাউৰি নিৰ্মাণত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। বালি মাটিৰে ৰঙিয়াৰ ধূলাবড়ীত পুঠিমাৰী নৈৰ মথাউৰি নিৰ্মাণ কৰি দায়িত্ব সামৰাৰ চেষ্টা চলাইছে ঠিকাদাৰে। বাৰিষা আহিলে এই মথাউৰিৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰে সেই কথা ৰজাঘৰীয়া জ্ঞাত।

মন কৰিবলগীয়া যে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা আৰু বিভাগীয় মন্ত্ৰী পিয়ুজ হাজৰিকাই পৰিদৰ্শন কৰিছিল এই মথাউৰি। তত্স্বত্তেও নিজৰ ময়মতালিত ঠিকাদাৰে বালি মাটিৰে নিৰ্মাণ কৰিছে এই মথাউৰি। যোৱা বছৰ ইয়াৰে নিচেই সমীপত মথাউৰি চিঙি সমগ্ৰ ৰঙিয়া মহকুমাতে বিভীষিকাৰ সৃষ্টি কৰিছিল। এতিয়ালৈ এই অঞ্চলৰ বহু পৰিয়ালে শিৱিৰতে জীৱন কটাই আছে। পুনৰ বাৰিষা সমাগত কিন্তু একাংশ ঠিকাদাৰৰ বাবে যেন বগৰীবাৰী, ধূলাবড়ীৰ এই মথাউৰি সোণৰ কণী পৰা হাঁহ। এইদৰে দুৰ্নীতি হৈ থাকিলে বাৰিষা আহিলে এইবাৰো মথাউৰি ভঙাটো প্ৰায় নিশ্চিত।

বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতা আৰু ঠিকাদাৰৰ মইমতালিৰ বাবে ৰাইজৰ আলৈ - আথানি নোহোৱা হৈছে। ৰাইজৰ কথা কোনেও চিন্তা নকৰে কেৱল ঠিকাদাৰৰ পকেটত ধন সোমালে হ'ল!বালি মাটিৰে মথাউৰি নিৰ্মাণ কৰাক লৈ ক্ষুদ্ধ হৈ পৰে বৃহত্তৰ ধূলাবড়ী অঞ্চলৰ ৰাইজ।বিভাগীয় কৰ্তৃপক্ষক বিজ্ঞান সন্মতভাবে মথাউৰি নিৰ্মাণ কৰিবলৈ দাবী জনায়। এই সমগ্ৰ বিষয়টোত গুৰুত্ব দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী পীয়ুজ হাজৰিকাক কাতৰ অনুৰোধ জনাইছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande