শিক্ষক পুত্ৰৰ দাৰ ঘাপত সংকট জনক অৱস্থাত পিতৃ
নলবাৰী, ৩০ মাৰ্চ ( হি স)। নলবাৰীৰ নমাটিত পুত্ৰ ৰূপী দানবৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় কৃষক পিতৃ অৰুণ
আঘাত


নলবাৰী, ৩০ মাৰ্চ ( হি স)। নলবাৰীৰ নমাটিত পুত্ৰ ৰূপী দানবৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় কৃষক পিতৃ অৰুণ দাস। মন কৰিবলগীয়া যে শিক্ষক পুত্ৰৰ দাৰ ঘাপত সংকট জনক হৈ পৰে পিতৃৰ অৱস্থা।

আজি ৰাতিপুৱা নমাটিৰ অৰুণ দাসৰ পুত্ৰ নলবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তুতুমণি দাসে পিতৃৰ সৈতে কোনো কথাকলৈ কাজিয়াৰ সূত্ৰপাত হোৱাত দাৰে ঘপিয়াই পিতৃক।

ইপিনে পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাবে আহত পিতৃক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে। ইফালে সম্প্ৰতি দানৱৰূপী পুত্ৰক আটক কৰিছে কাচিমপুৰ আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande