ধিঙৰ খৈৰামাৰীত বলপূর্বক বাবে ভূমি বেদখলৰ চেষ্টা
নগাঁও, ২৮ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ ধিঙৰ খৈৰামাৰীত বলপূর্বক বাবে ভূমি বেদখলৰ চেষ্টা চলোৱাৰ ঘটনা
ধিঙৰ খৈৰামাৰীত বলপূর্বক বাবে ভূমি বেদখলৰ চেষ্টা


নগাঁও, ২৮ জানুৱাৰী (হি.স.)। নগাঁও জিলাৰ ধিঙৰ খৈৰামাৰীত বলপূর্বক বাবে ভূমি বেদখলৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে। নিজৰ মাটিত চৰকাৰী আবাস গৃহ নির্মাণত বাধা প্ৰদান কৰে ভূ-মাফিয়া-দেৱানীয়ে । নিজৰ ম্যাদিপট্টা ভূমিত চৰকাৰে প্ৰদান কৰা আবাস গৃহ নির্মাণৰ নামত বাধা দিয়ে একাংশ ভূ-মাফিয়াৰূপী দুস্কৃতিকাৰীয়ে ।

অভিযোগ মতে, বিগত কিছুদিন ধৰি ধিঙৰ খৈৰামাৰী গাৱৰ আমজত আলীৰ পৰিয়ালৰ ওপৰত দা লাঠি লৈ উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে বিভিন্ন ভয়-ভাবুকিৰে ভূমি বেদখলৰ চেষ্টা চলাইছে একে গাঁৱৰে একাংশ গুণ্ডা ও দেৱানী প্ৰকৃত লোকে। যাৰ ফলত নিৰাপত্তাহীনতাত ভুগি থকা আমজত আলীৰ পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ ধিং আৰক্ষী থানত এজাহাৰ দাখিল কৰিছে ।

সেয়ে ঘটনা সংক্রান্তত তদন্ত ক্ৰমে উচিত ন্যায় বিচাৰি ভুক্তভোগী পৰিয়ালৰ লোকে চৰকাৰ তথা আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছে।

হিন্দুস্থান সমাচাৰ/ কিশোৰ/ বিস্মিতা/মনোজ


 rajesh pande