দুধনৈতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপন
গোৱালপাৰা, ০৮ মে' (হি.স.)। আজি বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৩ সংখ্যক জন্ম জয়ন্তী ৷ সমগ্ৰ দেশৰ ল
দুধনৈতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপন


গোৱালপাৰা, ০৮ মে' (হি.স.)। আজি বিশ্ব কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ১৬৩ সংখ্যক জন্ম জয়ন্তী ৷ সমগ্ৰ দেশৰ লগতে আজি দুধনৈতো দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপন কৰা হয় ৷

ৰবীন্দ্ৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন, বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰে পাছতে চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাত দুধনৈ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ কাইলৈ সন্ধিয়া অনুষ্ঠিত হব বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande