বৰাক উপত্যকাৰ জিলা সমূহত পেট্ৰল ডিজেলৰ সংকট
কৰিমগঞ্জ, ০৮ মে' (হি.স.)। প্ৰকৃতিৰ ৰুষ্ট ৰুপৰ পাছত বৰাক উপত্যকাৰ জিলা সমূহত পেট্ৰল ডিজেলৰ সংকট দেখা
বৰাক উপত্যকাৰ জিলা সমূহত পেট্ৰল ডিজেলৰ সংকট


কৰিমগঞ্জ, ০৮ মে' (হি.স.)। প্ৰকৃতিৰ ৰুষ্ট ৰুপৰ পাছত বৰাক উপত্যকাৰ জিলা সমূহত পেট্ৰল ডিজেলৰ সংকট দেখা দিছে । বৰাকৰ হাইলাকান্দি জিলাত তিনি ধৰি জ্বালানি তেলৰ সংকটৰ পাছত আজিৰ পৰা কৰিমগঞ্জ জিলাতো আৰম্ভ হৈছে তেল সংকট । কৰিমগঞ্জ চহৰ তথা জিলাৰ বিভিন্ন প্ৰান্তত শেষ হৈছে বা হ্ৰাস পাইছে পেট্ৰল ডিজেলৰ মজুত।

কোনো পাম্পত সাধাৰণ জনতাক তেল দিয়া বন্ধ ৰখাৰ বিপৰীতে এটা দুটা পাম্পত সীমিত পৰিমাণ তেল দিয়া হৈছে। বাহনত তেল ভৰোৱাৰ বাবে পেট্ৰোল পাম্প সমূহত দীঘলীয়া শাৰি পৰিলক্ষিত হৈছে। প্ৰবল বৰ্ষনত ডিমা হাছাও জিলাত ৰেলপথ ক্ষতিগ্ৰস্ত হোৱাৰ পাছত ঝুঁকিপূৰ্ণভাবে যাত্ৰীবাহী ৰেল চলোৱা হলেও বহন ক্ষমতাক লক্ষ ৰাখি মালবাহী ৰেলগাড়ী বন্ধ ৰখা হৈছে। লগতে গুৱাহাটী পৰা মেঘালয় হৈ ৬নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ডিমা হাছাও হৈ ২৭নং ঘাইপথ ইষ্ট ৱয়েষ্ট কৰিড''ৰৰ অবস্থাও তথৈবচ হোৱাৰ ফলত ৰাজ্যখনৰ আন প্ৰান্তত যোগাযোগ ৰক্ষা কৰিবলৈ হিমচিম খাবলগিয়া হৈছে বৰাকৰ ৰাইজে । ফলতে জ্বালানি তেলৰ সংকটৰ সহ নিত্য প্ৰয়োজনীয় সামগ্ৰী, শাক-পাচলিৰ অভাৱ হ''বলৈ আৰম্ভ হৈছে বৰাকৰ তিনিখন জিলাত ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.

..


 rajesh pande