কুশ কুটুমক গুলী লগাৰ পিছতো আৰক্ষীৰ নিৰ্মম অত্য়াচাৰ–পৰিয়াল, অধিবক্তাৰ অভিযোগ
যোৰহাট, ০৮ মে' (হি.স.)। গুলী লগাৰ পিছতো আৰক্ষী দ্বাৰা নিৰ্মম অত্যাচাৰ চুৰি গোচৰ সন্দৰ্ভত আটক কৰা কুশ
কুশ কুটুমক গুলী লগাৰ পিছতো আৰক্ষীৰ নিৰ্মম অত্য়াচাৰ–পৰিয়াল, অধিবক্তাৰ অভিযোগ


যোৰহাট, ০৮ মে' (হি.স.)। গুলী লগাৰ পিছতো আৰক্ষী দ্বাৰা নিৰ্মম অত্যাচাৰ চুৰি গোচৰ সন্দৰ্ভত আটক কৰা কুশ কুটুম ওপৰত। এই অভিযোগ কুশ কুটুমৰ পৰিয়ালৰ লোকৰ লগতে জ্যোষ্ঠ অধিবক্তা ৰিন্তু গোস্বামীৰ। আজি যোৰহাটত আৰক্ষীৰ দ্বাৰা গুলিবিদ্ধ কুশ কুটুম ৰ পৰিয়াল আৰু জেষ্ঠ অধিৱক্তা ৰিন্তু গোস্বামীয়ে এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ তোলে।

তেওঁলোকে অভিযোগ কৰি কয় যে এয়া খিলঞ্জীয়াৰ ওপৰত যোৰহাট আৰক্ষীৰ অত্যাচাৰ। তেওঁলোকে কয় যে খিলঞ্জীয়া ওপৰত যোৰহাট আৰক্ষী চলাইছে চৰম অত্যাচাৰ। গুলী লগাৰ পিছতো আৰক্ষী দ্বাৰা নিৰ্মম অত্যাচাৰ চুৰি গোচৰ সন্দৰ্ভত আটক কৰা কুশ কুটুম ওপৰত। ফলত চৌদিশে আৰক্ষীয়ে চলাইছে নৈৰজ্যবাদ। আৰক্ষীয়ে কুশ কুটুমক পানীৰ মটৰ চুৰি গোচৰ সন্দৰ্ভত আটক কৰিছিল পুলিবৰ আৰক্ষীয়ে। কিন্তু আৰক্ষীয়ে কুশ কুটুমৰ জিন্মা পৰা পানী মটৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাছিল।

কুশ কুটুমৰ ঘৰৰ ওচৰৰ পথাৰত তেওঁ লৈ লক্ষ্য কৰি আৰক্ষীয়ে তিনিজাই গুলী চলাইছিল ৬ মেৰ পুৱতি নিশা। ইয়াৰে দুটা গুলী লাগিছিল কুশ কুটুমৰ বুকু, হাওঁফাওঁত। আৰক্ষীয়ে পৰিয়ালৰ লোকক কুশ কুটুমক সাক্ষাৎ কৰিবলৈ দিয়া নাই। চিকিৎসা চলি থকা পিছতো কুশ কুটুমক হেণ্ডকাফ লগাই থোৱা আছে। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকক গোচৰ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নকৰাৰ অভিযোগ কৰে পৰিয়ালৰ লোক আৰু অধিবক্তাগৰাকীয়ে। তেওঁলোকে কুশ কুটুমৰ চুৰি গোচৰ তদন্ত কাৰী বিষয়া জগদীশ দাস ওপৰতো তদন্ত কৰা দাবী জনায়।

আজি যোৰহাট এক সংবাদ মেল সম্বোধন কৰি এই বিস্ফোৰণ অধিবক্তা ৰিন্টু গোস্বামী আৰু কুশ কুটুমৰ পৰিয়ালৰ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande