টোপাতলীৰ নৈসৰ্গিক পৰিবেশত দুদিনীয়া ডিমৰীয়া সন্মিলিত ৰংজালী বৈশাগু আৰম্ভ
গুৱাহাটী, ০৮ মে' (হি.স.)। আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এক দৃষ্টি নন্দন পৰিবেশত টোপাতলীৰ
টোপাতলীৰ নৈসৰ্গিক পৰিবেশত দুদিনীয়া ডিমৰীয়া সন্মিলিত ৰংজালী বৈশাগু আৰম্ভ


টোপাতলীৰ নৈসৰ্গিক পৰিবেশত দুদিনীয়া ডিমৰীয়া সন্মিলিত ৰংজালী বৈশাগু আৰম্ভ


গুৱাহাটী, ০৮ মে' (হি.স.)। আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এক দৃষ্টি নন্দন পৰিবেশত টোপাতলীৰ ৰংজালী বৈশাগু ফৌথাৰত আৰম্ভ হৈছে দ্বাদশ সংখ্যক আন্ত:ডিমৰীয়া সন্মিলিত ৰংজালী বৈশাগু উৎসৱ। নিখিল বড়ো ছাত্ৰ সন্থা ডিমৰীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ডিমৰীয়া বড়ো সাহিত্য সভা ,হাৰিমু আফাদ, নিখিল বড়ো মহিলা কল্যাণ সন্থা, ডিমৰীয়া বাথৌ সমিতি আৰু পূব ডিমৰীয়া বড়ো উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত হৈছে বড়ো ৰাইজৰ বাপতিসাহোন এই উৎসৱটি।

এই উপলক্ষে আজি প্ৰথম দিনা পতাকা উত্তোলনৰে উৎসৱৰ কাৰ্যসূচী মুকলি কৰে ডিমৰীয়া এবছুৰ সভাপতি অজিত খাখলাৰীয়ে। ছহিদ তৰ্পন অনুষ্ঠানটি মুকলি কৰে সমাজসচেতক নামেশ্বৰ বড়োৱে। ইয়াৰ পাছতে কলহভঙা, কয়টা খেল, ঘিলাখেল ,সামূহিক দৌৰ,গাহৰি ধৰা আদি বিভিন্ন পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ সামন্তৰালকৈ চিত্ৰাঙ্গন আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়। বিয়লি টোপাতলী গণমঞ্চত ৰংজালী বৈশাগু সন্দৰ্ভত এক আলোচনা সভা অনুষ্ঠিত হয়। সভাত ডিফুৰ জিলা যাদুঘৰৰ বিষয়া ড° কৌস্তুভ শইকীয়া প্ৰমুখ্যে কেবাগৰাকী সমল ব্যক্তি উপস্থিত থাকি বড়োসমাজৰ ৰংজালী বৈশাগুৰ সন্দৰ্ভত মনোজ্ঞ ভাষন আগবঢ়াই। আনহাতে সন্ধ্যা অনুষ্ঠিত হয় বাছকবনীয়া সাংস্কৃতিক অনুষ্ঠান।

কাইলৈ মুকলি ৰংজালী বৈশাগু , বয়োজ্যেষ্ঠ সকলৰ পৰা কণিষ্ঠৰ আশীৰ্বাদ অনুষ্ঠান, পৰম্পৰাগত খাদ্য জুতি অনুষ্ঠান , বঁটা বিতৰণী, বিশেষ সম্বৰ্ধনা আৰু সন্ধ্যা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব বুলি উৎসৱৰ মুখ্য উপদেষ্টা জদুমণি বড়োৱে জানিবলৈ দিয়ে। অনুষ্ঠানত বড়ো-কচাৰী উন্নয়ন পৰিষদৰ ডেপুটি চিফ ৰমিঅ নাৰ্জাৰী , ইউ বি পিএফৰ সভাপতি ড° গাম্বাৰু মুছাহাৰী, লোকসংগীত শিল্পী মোহিনী ৰামচিয়াৰী উপস্থিত থকাৰ কথা। তদুপলক্ষে আজি প্ৰথম দিনা পৰম্পৰাগত সাজপাৰ পৰিধানেৰে বড়ো ডেকা-ডেকেৰীসকলে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ/নাৰায়ণ /আলোক.


 rajesh pande