হাজোৰ তলিয়াত জ্ঞানজ্যোতি হাইস্কুলত চুৰি কাণ্ডৰ ঘটনা
কামৰূপ, ২৮ জানুৱাৰী (হি.স)। হাজোত পুনৰ বিদ্যালয়ত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। হাজোৰ তলিয়াস্থিত জ্ঞান
চোৰ


কামৰূপ, ২৮ জানুৱাৰী (হি.স)। হাজোত পুনৰ বিদ্যালয়ত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। হাজোৰ তলিয়াস্থিত জ্ঞানজ্যোতি হাইস্কুলত চোৰে চলালে লুটপাত। নিশাৰ ভাগত চোৰৰ দলে সংঘটিত কৰিছে এই চুৰিকাণ্ডৰ ঘটনাটো।

চোৰে নিশা কাৰ্য্যালয়ৰ দুৱাৰৰ তলা ভাঙি লৈ যায় চিলিং ফেনৰ লগতে কাঁহৰ শৰাই। কেৱল এয়াই নহয়, বিদ্যালয়ৰ কাৰ্য্যালয়ত থকা কেইবাবিধো মূল্যবান সা-সামগ্ৰীও লণ্ড ভণ্ড কৰে চোৰৰ দলে। নিশাৰ ভাগত সংঘটিত এই চুৰিকাণ্ড আজি ৰাতিপুৱাৰ ভাগতহে বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰে। লগতে এই ঘটনাৰ সন্দৰ্ভত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে অৱগত কৰে হাজো আৰক্ষীক।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাজো আৰক্ষী, লগতে চোৰৰ সন্ধান বিচাৰি আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এইখন জ্ঞানজ্যোতি হাইস্কুলত চোৰৰ দলে সংঘটিত কৰিছিল এক চুৰিকাণ্ডৰ ঘটনা আৰু লৈ গৈছিল লক্ষাধিক মূল্যৰ সামগ্ৰী।

হিন্দুস্থান সমাচাৰ/নাৰায়ণ/মনোজ


 rajesh pande