বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন
বৰপেটা, ২৪ ছেপ্টেম্বৰ(হি.স.)। বৰপেটা সত্ৰত আজি পালন কৰা হৈছে মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ
বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন


বৰপেটা, ২৪ ছেপ্টেম্বৰ(হি.স.)। বৰপেটা সত্ৰত আজি পালন কৰা হৈছে মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷ শ্ৰীমন্ত শংকৰ-মাধৱ দুজনা গুৰুৰ পিচতেই বৰপেটাৰ সত্ৰীয়া ব্যৱস্থাত অধিক মান্যতা প্ৰদান কৰা হয় মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য, তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাক৷

মাধৱদেৱ মহাপুৰুষে স্থাপন কৰা বৰপেটা সত্ৰক পূৰ্ণতা প্ৰদানেৰে আধুনিক সমাজ ব্যৱস্থা গঢ় দিওতা মথুৰাদাস বুঢ়া আতাৰ নিজস্ব চিন্তাৰে বৰপেটা সত্ৰ ব্যৱস্থাত হাটীয়াৰ পূঁজিৰে বেংক ব্যৱস্থাৰ আৰম্ভণি, চৰু ভঁৰাল স্থাপনৰ জৰিয়তে খাদ্য নিগম ব্যৱস্থাৰ সূত্ৰপাত ঘটাই সত্ৰবাসী লোকসকলে যাতে প্ৰয়োজনত ঋণ লাভ কৰে আৰু ভকত বৈষ্ণৱে খাদ্যৰ সমস্যাত পৰিব নালাগে তেনে এক ব্যৱস্থা গঢ়ি তুলিছিল ৷ তাৰোপৰি সত্ৰৰ সত্ৰাধিকাৰজনা পুৰুষাণুক্ৰমিক নহৈ সত্ৰবাসীৰ দ্বাৰা নিৰ্বাচন কৰাৰ পৰম্পৰা সৃষ্টিৰে গণতান্ত্ৰিক ধ্যান ধাৰণাৰো জন্ম দিয়া মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে৷ বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰৱৰ্তক, গুৰু ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শনকাৰী মথুৰাদাস বুঢ়া আতাৰ তিৰোভাৱ তিথি উপলক্ষে ২০ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়াকৈ পালন কৰা কীৰ্তন মহোৎসৱৰ আজি মুল সবাহ অনুষ্ঠিত হৈছে ৷ বুঢ়া আতাৰ তিৰোভাৱ তিথি মহোৎসৱৰ মুল সবাহ উপলক্ষে ভকত বৈষ্ণৱ আৰু আইসকলৰ পুৱাৰ প্ৰসংগৰ সামৰণিৰ পিছত সত্ৰৰ বংশৰা আৰু গায়ন বায়নে সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল প্ৰসংগ কৰাৰ লগতে ভোজন ব্যৱহাৰ নাটৰ অংক পৰিবেশন কৰে ৷

অৱশ্যে ক'ভিড প্ৰট'কল অনুসৰি এইবেলি অতি সীমিত পৰিসৰত পালন কৰা আতা পুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে ভকত বৈষ্ণৱে সত্ৰত সেৱা জনায় ৷ ইপিনে বিয়লি থূল নহাটীৰ বাপুসকলে গায়ন - বায়ন আৰু কীৰ্তনেৰে সত্ৰত কৰভাৰ প্ৰদান কৰিব ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক/মনোজ


 rajesh pande