ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত প্ৰতিনিধি বৰ্গ আৰু স্থানীয় ৰাইজ
ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি


ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত প্ৰতিনিধি বৰ্গ আৰু স্থানীয় ৰাইজৰ মাজত কাজিয়াকলৈ আজি এক সংবাদমেল অনুষ্ঠিত কৰি পঞ্চায়ত প্ৰতিনিধিসকলে নিজৰ স্থিতি স্পষ্ট কৰে। ঘটনাক লৈ দুয়োটা ফৈদৰ মাজত অভিযোগ-প্ৰতি অভিযোগ অব্যাহত আছে । ইফালে ন্যায় বিচাৰি দুয়ো পক্ষই আৰক্ষীৰ কাষ চাপিছে ।

উল্লেখ কৰা মতে, ধুবুৰী জিলা গ্ৰাম্য বিকাশ অভিকৰণৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুমাৰগঞ্জ গাঁও পঞ্চায়তত কেন্দ্ৰীয় তদাৰকী দল উপস্থিত হোৱাৰ ফলত দুই ফৈদৰ মাজত সৃষ্ট হয় কাজিয়া । সংবাদমেল আয়োজন কৰি উভয় পক্ষই উভয় পক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে । উত্থাপিত অভিযোগ অনুসৰি ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত হৈ যোৱা উন্নয়ন মূলক কাম-কাজৰ পৰ্য্যবেক্ষন কৰাৰ বাবে যোৱা ২২ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় তদাৰকী দল এটাই কুমাৰগঞ্জ গাঁও পঞ্চায়ত উপস্থিত হয় । সেই সময়তে গাঁও পঞ্চায়তৰ উন্নয়ন মূলক কাম-কাজত সংঘটিত হোৱা দূৰ্ণীতিৰ বিৰুদ্ধ পঞ্চায়ত খনৰ অন্তৰ্গত কেইজন মান যুৱকে কেন্দ্ৰীয় তদাৰকী দলৰ বিষয়া সকলক সাক্ষাৎ কৰি অভিযোগ দিবলৈ গাঁও পঞ্চায়তত উপস্থিত হৈছিল । কিন্তু যুৱক কেইজন গাঁও পঞ্চায়তত উপস্থিত হৈ দুৰ্নীতিৰ বিষয়টো তদাৰক দলক অৱগত কৰিবলৈ লওঁতে পঞ্চায়ত খনৰ সভানেত্ৰী, সভানেত্ৰী গৰাকীৰ স্বামী আশ্ৰাফুল ইছলাম আৰু কুমাৰগঞ্জ জিলা পৰিষদৰ সদস্যই যুৱক হালম আলী শ্বেখক শাৰীৰিক ভাবে অপদস্ত কৰি দূৰ ব্যৱহাৰ কৰি পঞ্চায়ত কাৰ্য্যালয়ৰ পৰা বাহিৰ কৰি দিয়ে ।

এই সন্দৰ্ভত যুৱক কেইজনে পাঁচয়ত প্ৰতিনিধিৰ বিৰুদ্ধে থানাত এখন এজাহাৰ দিয়ে । আনহাতে পঞ্চায়ত প্ৰতিনিধি সকলে অভিযোগ কৰা মতে, পঞ্চায়ত খনৰ প্ৰাক্তন সভাপতিৰ ভেৰণীয়া বাহিনী বুলি যুৱকৰ দলটোক আখ্যা দিয়ে । লগতে যুৱকৰ দলটোৱে বিভিন্ন সময়ত পঞ্চায়ত সভানেত্ৰীৰ পৰা দাবী ধমকি দি টকা বিচাৰি থাকে । আঁচনিৰ ধনৰ পৰা কমিচন নিদিয়াৰ বাবে পঞ্চায়ত খনৰ প্ৰাক্তন সভাপতিৰ ভেৰণীয়া বাহিনীয়ে সভানেত্ৰী আৰু তেওঁৰ স্বামীক ভয় ভাবুকি দিয়াৰ লগতে সভানেত্ৰীৰ শালীনত হানি কৰাৰ চেষ্টা চলাই আছে । এই সন্দৰ্ভতো পঞ্চায়ত প্ৰতিনিধিয়ে থানাত এজাহাৰ দাখিল কৰে । দুই পক্ষৰ অভিযোগ প্ৰতি-অভিযোগৰ ফলত পঞ্চায়ত খনৰ উন্নয়নমূলক কাম–কাজ স্থবিৰ হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande