ধুবুৰীত মৃত্যৰ ১৪ ঘন্টা পাছত আৰক্ষীয়ে কৱৰ খান্দি উলিয়ালে কিশোৰীৰ মৃতদেহ
ধুবুৰী, ২৩ ছেপ্টেম্বৰ ( হি স )। ধুবুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। এগৰাকী কিশোৰীৰ আত
ধুবুৰীত মৃত্যৰ ১৪ ঘন্টা পাছত আৰক্ষীয়ে কৱৰ খান্দি উলিয়ালে কিশোৰীৰ মৃতদেহ


ধুবুৰী, ২৩ ছেপ্টেম্বৰ ( হি স )। ধুবুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। এগৰাকী কিশোৰীৰ আত্মহত্যাৰ মাত্ৰ ১৪ ঘণ্টাৰ পাছতেই আৰক্ষীয়ে কবৰৰ খান্দি উলিয়ালে কিশোৰৰ মৃতদেহ ৷ আজি এই ঘটনা সংঘটিত হৈছে গৌৰীপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত বৰাইবাৰী পঞ্চম খণ্ড (ৰৌমাৰী পাৰা) গাঁৱত ৷

যোৱা কালি সন্ধিয়া চীপলৈ নিজৰ ঘৰতে আত্মহত্যা কৰিছিল মিনাৰা খাতুন(১৬) নামৰ কিশোৰী এগৰকীয়া। গাঁওখনৰ বাসিন্দা বাহাৰ আলীৰ কন্যা মিনাৰা খাতুনে ঘৰত কোনো নথকাৰ সুযোগত ঘৰৰ দুৱাৰ বন্ধ কৰি আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ ।

উল্লেখ্য যে,কালি এঘৰ আত্মীয়ৰ ঘৰত পিতৃ - মাতৃৰ সতে নিমন্ত্ৰণ খাবলৈ গৈছিল কিশোৰী মিনাৰাই ৷ কিন্তু পিতৃ মাতৃক এৰি থৈ নিজ ঘৰলৈ আহিছিল মিনাৰা। তাৰ পাছতেই সন্ধিয়া কিশোৰী মিনাৰাৰ এনে ৰহস্যজনক মৃত্যু হয় ৷

ইফালে স্থানীয় ৰাইজৰ মতে, মিনাৰাই চীপ জৰীত লাগি থকা নাছিল। ভঁৰালৰ পকী মজিয়াত মৃত্যু অৱস্থাত উদ্ধাৰ কৰা হৈছিল কিশোৰী গৰাকীৰ মৃতদেহ। ইয়াৰ পাছত আৰক্ষীক অৱগত নকৰাকৈ নিশা দহ মান বজাত স্থানীয় কবৰ স্থানত একাংশ লোকৰ সহযোগত কবৰস্থ কৰা হৈছিল মিনাৰাৰ মৃতদেহ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পাছতে নিশা স্থানীয় আৰক্ষীৰ এটা দলৰ লগতে গাঁওৰক্ষী বাহিনীয়ে পহৰাৰ ব্যৱস্থা কৰিছিল। আজি পূৱা ১১-৩০ মান বজাত ঘটনাস্থলীত জিলা দণ্ডাধীশ উপস্থিত হৈ স্থানীয় কেইজন ব্যক্তিৰ হতুৱাই কবৰ খান্দি উলিয়ালে কিশোৰীগৰাকীৰ মৃতদেহ। আৰক্ষীয়ে মিনাৰাৰ মৃত্যু দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

মৰণোত্তৰ প্ৰতিবেদনৰ পাছতহে কিশোৰী মিনাৰাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ওলাই পৰাৰ সম্ভাৱনা আছে।

হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ


 rajesh pande