ছিপাঝাৰৰ বিষ্ণুপুৰত ৫ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ
ছিপাঝাৰৰ বিষ্ণুপুৰত ৫ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ।
ছিপাঝাৰৰ বিষ্ণুপুৰত ৫ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ


দৰং, ২৯ জুলাই (হি.স.): দৰং জিলাৰ ছিপাঝাৰৰ বিষ্ণুপুৰত যোৱা কালি মঙলবাৰে নিশা ৫ লক্ষাধিক টকাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰা হৈছে । বুঢ়া আৰক্ষী চকীৰ সহযোগত আজাৰা থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে সামগ্ৰীসমূহ।

উল্লেখ্য় যে ১৬ জুলাইত গুৱাহাটীৰ আজাৰাৰ পৰা বিশাল মেগা মাৰ্টৰ সামগ্ৰীভৰ্তি বঙাইগাঁও অভিমুখী এখন বাহনৰ পৰা চুৰি হৈছিল সকলো সামগ্ৰী।পিছদিনা বাহনখন ৰঙিয়াত উদ্ধাৰ হৈছিল যদিও বাহনত নাছিল সামগ্ৰীখিনি । বাহনখনৰ চালক ৰিদুল আলীও আছিল সন্ধানহীন । অৱশেষত আজাৰা আৰক্ষীৰ অনুসন্ধানত ছিপাঝাৰৰ বিষ্ণুপুৰত বন্ধ হৈ থকা এখন হোটেলত উদ্ধাৰ হ'ল চুৰি হোৱা সামগ্ৰীবোৰ । প্ৰায় ৫ লক্ষাধিক টকাৰ ষ্টেচনাৰী সামগ্ৰী,কাপোৰ, মলৰ অন্যান্য সামগ্ৰীসমূহ উদ্ধাৰ হয় যদিও পলাতক চালক ৰিদুল আলী। ৰিদুল আলীৰ ঘৰ বিষ্ণুপুৰত বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande