
হোজাই, ২০ জুলাই (হি.স.)। হোজাইত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। হোজাইৰ ঠেপলাগুৰিত খাদ্যৰ সন্ধানত ওলাই আহিল বনৰীয়া হাতীৰ বৃহৎ জাক।উক্ত বনৰীয়া হাতীৰ জাকটোৱে হোজাই পশ্চিম কাৰ্ৱি আংলং সংযোগী পথটো বহু সময়জুৰি বন্ধ কৰি ৰাখে । হোজাইত নৃত্য নৈমিত্তিক কাৰ্য্য হৈ পৰিছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ।
নিশা হলেই বনৰীয়া হাতী প্ৰৱেশ কৰে জনাঞ্চলত। উক্ত বনৰীয়া হাতীৰ জাকেই খাদ্য়ৰ সন্ধানত মানুহৰ ঘৰ-দুৱাৰ ভঙাৰ লগতে খেতি পথাৰত সোমাই উৎপাদিত শষ্য়ৰ আধা খাই আধা অনিষ্ট কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ