
কোকৰাঝাৰ, ২০ জুলাই (হি.স.)। কোকৰাঝাৰ জলসম্পদ (WR) নিয়ন্ত্ৰণ কক্ষই প্ৰকাশ কৰা ২০ জুলাই পুৱা ৮ বজাৰ বান বুলেটিন অনুসৰি জিলা খনৰ বিভিন্ন নদ-নদীৰ জলস্তৰ বৃদ্ধি পাইছে যদিও বৰ্তমানলৈকে সকলো নদী বিপদ সীমাৰ তলতেই বৈ আছে। জিলা প্ৰশাসনৰ তথ্য় অনুসৰি, গৌৰাং নদীৰ জলস্তৰ কোকৰাঝাৰ কেন্দ্ৰীয় জল আয়োগৰ গেজ ষ্টেচনত ৪২.৪৮ মিটাৰলৈ বৃদ্ধি পাই বিপদসীমা (৪২.৮৫ মিটাৰ)-ৰ অতি ওচৰ পাইছে।
আনহাতে সোণকোষ, মদাতি, গাৰুফেলা, সৰলভাঙা, লংগা, গাংগিয়া, চম্পামতী আৰু বুঢ়াচৰা নদীৰ জলস্তৰো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে যদিও সকলো নদী বৰ্তমানেও বিপদসীমাৰ তলত আছে। জিলা খনত বিগত ২৪ ঘণ্টাত কোকৰাঝাৰত ৭৭.৪০ মিলিমিটাৰ আৰু কচুগাঁৱত ৪২.৮০ মিলিমিটাৰ বৰষুণ লিপিবদ্ধ হৈছে। চলিত বৰ্ষত ২০ জুলাই পুৱা ৮ বজালৈ কোকৰাঝাৰত মুঠ ১,৫৮৭.০০ মিলিমিটাৰ আৰু কচুগাঁৱত ১,৩১৭.২০ মিলিমিটাৰ বৰষুণ ৰেকৰ্ড কৰা হৈছে।
জলসম্পদ বিভাগে নদীৰ জলস্তৰৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। নিম্নাঞ্চলবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ