উজনি অসমত বানপানীৰ বিধ্বংসী ৰূপ ধাৰণ, ৰে’লপথলৈ ভাবুকি; পৰিস্থিতিৰ পৰ্যালোচনা মন্ত্ৰী বিমল বৰাৰ
গুৱাহাটী, ২০ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত উজনি অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, আমগুৰি, সোণাৰিকে ধৰি কেইবাটাও অঞ্চল ডুব গৈছে । জাজী আৰু দিখৌ নদী বিপদ চিহ্নৰ ওপৰেৰে বৈ যোৱাৰ ফলত স্বাভাৱিক জীৱনত ভয়াৱহভা
Minister Bimal Bora Reviews Flood Situation in Sivasagar.


গুৱাহাটী, ২০ জুলাই (হি.স.)। অবিৰত বৰষুণৰ ফলত উজনি অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা, আমগুৰি, সোণাৰিকে ধৰি কেইবাটাও অঞ্চল ডুব গৈছে । জাজী আৰু দিখৌ নদী বিপদ চিহ্নৰ ওপৰেৰে বৈ যোৱাৰ ফলত স্বাভাৱিক জীৱনত ভয়াৱহভাৱে ব্যাঘাত জন্মিছে।

শিৱসাগৰ জিলাৰ চেৰেকাপাৰাত মন্ত্ৰী বিমল বৰাই বান পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্ৰস্ত লোকৰ সৈতে সাক্ষাৎ কৰে । তেওঁ সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনাও কৰে ।

যোৰহাটৰ ভোগদৈ নদীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিছে । কেইবাটাও স্থানত মথাউৰি ভাঙিছে, আৰু পথসমূহৰ যথেষ্ট ক্ষতিসাধন হৈছে । বানাক্ৰান্ত অঞ্চলৰ লোকসকলে ভয়াৱহ কষ্টৰ সন্মুখীন হৈছে ।

ইফালে শিমলুগুৰিৰ পাছত নাজিৰা-মেজেংগা ৰে’লপথতো বানপানীৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । প্ৰচণ্ড সোঁতৰ বাবে ৰে’লৰ মথাউৰিৰ প্ৰায় আধা অংশ ভাঙি গৈছে। যদিহে খহনীয়া অব্যাহত থাকে তেন্তে যিকোনো সময়তে দিখৌ নদীত ডুব যাব পাৰে ৰে’লপথ। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ৰে’ল প্ৰশাসনে ।

ইফালে যোৰহাট জিলাৰ টীয়ক অঞ্চলৰ বানপানীয়ে যিকোনো সময়তে উজনি আৰু নামনি অসমৰ মাজত যাতায়ত ব্যাহত হ’ব পাৰে। টীয়ক-কাকজান নদীৰ জলপৃষ্ঠ বৃদ্ধিয়ে ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ বানপানী। কাকজান আৰু দা গাঁৱৰ উৰণীয়া সেতুৰ দুয়োখন ছাবমেট্ৰ’ৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ।

ইফালে দুলীয়া গাঁৱৰ বাদুলী পোখাৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বৈ আছে । বাঢ়নী পানীত ডুব যোৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি আৰু নামনি অসমৰ মাজত যান-বাহন চলাচল কৰি আছে । টীয়ক আৰু কাকজানৰ ৩০ৰ পৰা ৩৫খন ৰাজহ গাঁৱত বানপানীৰ পানীয়ে প্ৰৱেশ কৰিছে। স্থানীয় ৰাইজৰ মতে, অন্তিম খবৰ পোৱালৈকে জিলা প্ৰশাসন দুৰ্যোগস্থলীত উপস্থিত হোৱা নাছিল । লঘু বাহনসমূহে ডুব যোৱা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ সক্ষম হোৱাৰ বিপৰীতে আন বাহনসমূহ আবদ্ধ হৈ আছে ।

খবৰ অনুসৰি বানপানীৰ বাবে বহু লোক ঘৰ-দুৱাৰ আৰু ব্যক্তিগত স্থানত আৱদ্ধ হৈ আছে । স্থানীয় লোকেও উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ইফালে এই পৰিস্থিতিৰ বাবে চাৰিলেনযুক্ত পথটোৰ অসামঞ্জস্যতাক জগৰীয়া কৰিছে স্থানীয় ৰাইজে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande