
শিৱসাগৰ, ২০ জুলাই (হি.স.)। শিৱসাগৰৰ দিখৌ নদীত কালি বিয়লি উটি আহিল এক অচিনাক্ত মৃতদেহ । শিৱসাগৰ নগৰৰ দিখৌ দলঙৰ সমীপৰ দিখৌ নদীত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। মৃতদেহটো এজন পুৰুষ নে মহিলাৰ বৰ্তমানলৈকে সেইয়া ঠাৱৰ কৰিব পৰা নাই। মৃতদেহটোৰ পিন্ধনত এটা কলা ৰঙৰ পেন্ট আৰু চাৰ্ট। মৃতদেহটো অৰ্দ্ধগলিত অৱস্থাত আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতেই স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ