
হোজাই, ২০ জুলাই (হি.স.): লামডিঙ- হাফলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে নিশা সংংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই যুৱক ।
ডিমাহাচা জিলাৰ হাতীখুলি থানাৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাটোত মৃত দুই যুৱকৰ নাম মোহিত ৱাৰিছা আৰু আন জনৰ নাম বিশাল লাংথাছা বুলি জানিব পৰা গৈছে। দুয়োৰেই ঘৰ হাতীখুলিত বুলি কোৱা হৈছে । দুই যুৱকে হাতীখুলিৰ পৰা লামডিঙ অভিমুখী আহি থকাৰ সময়ত ডিমাহাচাও জিলাৰ হাতীখুলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ স্থিত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি থিতাতে নিহত হয়। দুই যুৱক দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ লগে লগে ততাতয়াকৈ স্থানীয় ৰাইজে লামডিঙ অসামৰিক চিকিৎসালয়ত লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।লগে লগে ঘটনাস্থলীত হাতীখুলিৰ থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ