চেঙাত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি জল দেৱতাক ভোগ প্ৰদান নৈপৰীয়া ৰাইজৰ
বৰপেটা, ২০ জুলাই (হি.স.)। গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি জল দেৱতাক ভোগ প্ৰদান নৈপৰীয়া ৰাইজৰ । বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পূৱ মাজৰচৰ গাঁওবাসীয়ে এনেদৰেই জলজলী নদীত উটুৱাই দিয়ে ভোগ অথবা ছিন্নী। নৈৰ পাৰতে সমূহীয়া মোনাজাত কৰি খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ আল্
চেঙাত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি জল দেৱতাক ভোগ প্ৰদান নৈপৰীয়া ৰাইজৰ


বৰপেটা, ২০ জুলাই (হি.স.)। গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি জল দেৱতাক ভোগ প্ৰদান নৈপৰীয়া ৰাইজৰ । বৰপেটা জিলাৰ চেঙা সমষ্টিৰ পূৱ মাজৰচৰ গাঁওবাসীয়ে এনেদৰেই জলজলী নদীত উটুৱাই দিয়ে ভোগ অথবা ছিন্নী। নৈৰ পাৰতে সমূহীয়া মোনাজাত কৰি খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহক দোৱা প্ৰাৰ্থনা দুৰ্ভগীয়া লোক সকলৰ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জলজলী নদীৰ খহনীয়া অব্যাহত থকাৰ পিছতো গাঁও খনত চৰকাৰে লোৱা নাই কোনো পদক্ষেপ। গাঁওখনৰ পৰা প্ৰায় তিনিশ পৰিয়াল গৃহহীন হৈছে আৰু অৱশিষ্ট প্ৰায় এশ পৰিয়ালো যিকোনো মুহূৰ্ততে গৃহহীন হোৱাৰ উপক্ৰম হৈছে। এনে পৰিস্থিতিত খহনীয়াৰ পৰা বাচিবলৈ আল্লাহকে শেষ ভৰষা হিচাপে লৈ জল দেৱতাক সন্তুষ্ট কৰিবলৈ এনেদৰে নদীত ভোগ অথবা ছিন্নী প্ৰদান কৰিছে গাঁওবাসীয়ে। তেওঁলোকৰ বিশ্বাস এই কাৰ্যৰে তেওঁলোকে খহনীয়াৰ পৰা পৰিত্ৰাণ পাব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande