আমগুৰিৰ নামতি লোণপুৰীয়াত বানৰ পানীত উটি গল এজন
শিৱসাগৰ, ২০ জুলাই (হি.স.)। মুষলধাৰ বৰষুণৰ ফলত শিৱসাগৰ জিলা খনৰ বিভিন্ন প্ৰান্তৰত বাঢ়নী পানীয়ে তাণ্ডৱ চলোৱাৰ সমান্তৰালভাৱে আমগুৰিৰ বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে তাণ্ডৱ চলায়। সকলো দিশে কেৱল পানী আৰু পানী। বাঢ়নী পানীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে নামতিৰ নতুন
আমগুৰিৰ নামতি লোণপুৰীয়াত বানৰ পানীত উটি গল এজন


শিৱসাগৰ, ২০ জুলাই (হি.স.)। মুষলধাৰ বৰষুণৰ ফলত শিৱসাগৰ জিলা খনৰ বিভিন্ন প্ৰান্তৰত বাঢ়নী পানীয়ে তাণ্ডৱ চলোৱাৰ সমান্তৰালভাৱে আমগুৰিৰ বিভিন্ন অঞ্চলত বাঢ়নী পানীয়ে তাণ্ডৱ চলায়। সকলো দিশে কেৱল পানী আৰু পানী। বাঢ়নী পানীয়ে তাণ্ডৱ চলাই থকাৰ সময়তে নামতিৰ নতুন লোণপুৰীয়াৰ ৰাজেন হাজৰিকা ওৰফে দুদুকন নামৰ ব্যক্তিজনে মেলি দিয়া ঘৰৰ পোহনীয়া হাঁহ পোৱালি আনিবলৈ বুলি পথাৰলৈ নামি যোৱাৰ ফলত পাহাৰৰ পৰা নামি অহা বাঢ়নী পানীয়ে উটুৱাই নিয়ে ব্যক্তিজনক।

ৰাইজে ততাতৈয়াকৈ হালোৱাটিং আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়হি। বিশেষ উদ্ধাৰকাৰী এটা দলে বৰুৱা আলিত সন্ধিয়া পৰলৈকে উদ্ধাৰ অভিযান চলাই যদিও ব্যক্তিজনৰ সন্ধান উলিওৱাত বিফল হয়। ৰাইজে এচ.ডি. আৰ.এফ. আৰু এন.ডি.আৰ.এফ.ক খবৰ দিয়ে যদিও সন্ধিয়ালৈকে কোনো দল উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande