বনমন্ত্ৰীৰ ঘোষণা পিছতে বিপাঙত বিটিচিৰ ডাম্পাৰ মালিকসকল
বাক্সা, ২০ জুলাই (হি.স.)। বনমন্ত্ৰীৰ ঘোষণা পিছতে বিপাঙত বিটিচিৰ ডাম্পাৰ মালিকসকল৷বিটিচিত চালানৰ পৰ্যাপ্ত পৰিমাণে উপলব্ধ নোহোৱাৰ অভিযোগ ডাম্পাৰ মালিক সন্হাৰ৷গোৰেশ্বৰৰ শুক্লাইত সদৌ বিটিচি ডাম্পাৰ মালিক সন্থা সমিতি গঠন কৰি এই মন্তব্য সংগঠটোৰ৷মহলত উপলব
বনমন্ত্ৰীৰ ঘোষণা পিছতে বিপাঙত বিটিচিৰ ডাম্পাৰ মালিকসকল


বাক্সা, ২০ জুলাই (হি.স.)। বনমন্ত্ৰীৰ ঘোষণা পিছতে বিপাঙত বিটিচিৰ ডাম্পাৰ মালিকসকল৷বিটিচিত চালানৰ পৰ্যাপ্ত পৰিমাণে উপলব্ধ নোহোৱাৰ অভিযোগ ডাম্পাৰ মালিক সন্হাৰ৷গোৰেশ্বৰৰ শুক্লাইত সদৌ বিটিচি ডাম্পাৰ মালিক সন্থা সমিতি গঠন কৰি এই মন্তব্য সংগঠটোৰ৷মহলত উপলব্ধ চালান অতিৰিক্ত দামত কিনিবলগীয়া হোৱাত ক্ষোভ প্ৰকাশ সন্থাৰ৷ যদিহে অনলাইন অফলাইন চালানৰ সঠিক সুবিধা লাভ নকৰে বুধবাৰৰ বিটিচিত অনিৰ্দিষ্টকাললৈ ডাম্পাৰ বন্ধ কৰাৰ ঘোষণা সংগঠনটোৰ। লগতে অনলাইন ব্যৱস্থা আৰম্ভ কৰাৰ পিছত চালান লাভ কৰাত জটিলতাৰ সৃষ্টি হোৱাৰ লগতে পূৰ্বতকৈ বহু গুণ অধিক কৰ পৰিশোধ কৰিবলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সন্থাই।ডাম্পাৰ মালিকসকলৰ অনলাইন চালান ব্যৱস্থাৰ ফলত শিল-বালিৰ চালানৰ ব্যয় অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। পূৰ্বে প্ৰায় ৩ হাজাৰ টকাত লাভ কৰা চালান এতিয়া প্ৰায় ৮ হাজাৰ টকা পৰিশোধ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত ব্যৱসায় চলোৱাটো কঠিন হৈ পৰিছে বুলি সদৰি কৰে। আৰু সমস্যা সমাধানৰ বাবে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছে সংগঠনটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande