ক্ৰমাৎ ভয়াবহ হৈ পৰিছে শিৱসাগৰৰ বান পৰিস্থিতি
ক্ৰমাৎ ভয়াবহ হৈছে শিৱসাগৰৰ বান পৰিস্থিতি।
ক্ৰমাৎ ভয়াবহ হৈ পৰিছে শিৱসাগৰৰ বান পৰিস্থিতি


শিৱসাগৰ, ২০ জুলাই (হি.স.): ক্ৰমাৎ ভয়াবহ হৈ পৰিছে শিৱসাগৰৰ বান পৰিস্থিতি। বিপদসীমাৰ ওপৰেৰে বৈ আছে দিখৌ আৰু জাঁজী নদীৰ পানী।সৰ্বত্ৰে কেৱল পানী আৰু পানী।

ইফালে নেৰানেপেৰা বৰষুণ অব্যাহত আছে । বাঢ়নী পানীত বুৰ গৈছে বহু গাঁও আৰু অঞ্চল । আনহাতে ওফণ্ডি উঠা জাঁজী নদীৰ বাঢ়নী পানীয়ে ছিঙি নিলে মথাউৰি। শিৱসাগৰ জিলাৰ জাঁজী নৰাকোঁৱৰ বাইলুং গাঁৱৰ চিকিৰি চুকত জাঁজী নদীৰ বাঢ়নী পানীয়ে ছিঙি নিলে মথাউৰি। মথাউৰিৰ বৃহৎ অংশ চিঙি নিয়াৰ ফলত প্লাৱিত হৈছে কেইবাখনো গাঁও।নদীৰ অফলাই মথাউৰিৰ কেইবাটাও অংশলৈ আনিছে ভাবুকি। জলবন্দী হৈ পৰিছে নৰাকোঁৱৰ বাইলুং গাৱৰ চিকিৰি চুকবাসী ৰাইজ। লগতে জলবন্দী হৈ পৰিছে মৰানগাৱৰ ৰাইজ। মথাউৰিৰ ছিগা অংশইদি অহৰহ সোমাই আছে পানী। পানী সোমোৱাৰ ফলত ঘৰৰ ভিতৰত এককাল পৰ্য্যন্ত পানী হোৱাৰ উপৰিও জকাইচুক পথাৰৰ বৃহত্তৰ কৃষিভূমি প্লাৱিত কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande