
ধুবুৰী, ২০ জুলাই (হি.স.)। তামাৰহাটৰ আলোকঝাৰীস্থিত ঐতিহাসিক মা মহামায়া মন্দিৰত পূজা অৰ্চনা। আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ। প্ৰতিকুল বতৰক নেওচি পুৱাৰে পৰা ভক্তৰ সমাগম ঘটিছে। তামাৰহাটৰ আলোকঝাৰীস্থিত ঐতিহাসিক মা মহামায়া মন্দিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত সকলে শিৱ লিঙ্গত পানী ঢালি পূজা-অৰ্চনা দি নিজৰ আৰু পৰিয়ালৰ মংগল কামনা কৰিছে।
মন্দিৰ চৌহদত এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে। আজিৰ এই পৱিত্ৰ দিনটোতমানৱ সেৱা সংঘনামৰ বেচৰকাৰী সংস্থাটোৱে পৰিষ্কাৰ পৰিচন্নতাৰ প্রতি সজাগতা আৰু পুজা অৰ্চনা দিবলৈ অহা ভক্ত সকলক বিনামূলীয়াকৈ নেমু চৰবত বিতৰণ কৰা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ