
ধুবুৰী ২০ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বালাজানত ড্ৰাগছসহ আটক কৰা হৈছে এটা সৰবৰাহকাৰী । ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা কালি দেওবাৰে নিশা বালাজান আৰক্ষীৰ অভিযানত নিচাজাতীয় দ্ৰব্য সহ কৰায়ত্ত হয় । ধৃত সৰবৰাহকাৰীটো চাপগড় গাঁৱৰ আব্দুল মতলেব বুলি জনা গৈছে।
সৰবৰাহকাৰীটোৰ পৰা ৩৮৬টা নিচাজাতীয় য়ুবা(YUBA) টেবলেটসহ বাহন এখন জব্দ কৰা হয় । এএছ ১৯ জি ৪৫০৫ নম্বৰৰ ছুইফট ডিজেয়াৰ ব্যৱহাৰ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰিছিল। য়ুবা টেবলেট খিনিৰ ওজন প্ৰায় ৪০ গ্ৰাম বুলি কোৱা হৈছে । আৰক্ষীয়ে ড্ৰাগছ আৰু বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ