পাঠশালাত বজালী জিলা ছাত্ৰ সন্থাৰ মম শিখা প্ৰজ্বলন
বজালী, ২০ জুলাই (হি.স.)। দিল্লীৰ যন্তৰ মন্তৰত পৰিৱেশবিদ তথা সমাজকৰ্মী ছোনম ৱাংচুকে চলাই থকা অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বজালী জিলা ছাত্ৰ সন্থাই পাঠশালাত কালি সন্ধিয়া মম শিখা প্ৰজ্বলন কাৰ
পাঠশালাত বজালী জিলা ছাত্ৰ সন্থাৰ মম শিখা প্ৰজ্বলন


বজালী, ২০ জুলাই (হি.স.)। দিল্লীৰ যন্তৰ মন্তৰত পৰিৱেশবিদ তথা সমাজকৰ্মী ছোনম ৱাংচুকে চলাই থকা অহিংস আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সংহতি প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বজালী জিলা ছাত্ৰ সন্থাই পাঠশালাত কালি সন্ধিয়া মম শিখা প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে।

দিল্লী আৰক্ষীয়ে ছোনম ৱাংচুক আৰু আন্দোলনকাৰী সকলক অগণতান্ত্ৰিকভাৱে আটক কৰি উঠাই নিয়াৰ অভিযোগৰ তীব্ৰ প্ৰতিবাদ জনাই এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ছাত্ৰ সন্থাই গণতান্ত্ৰিক অধিকাৰৰ সুৰক্ষা আৰু অহিংস আন্দোলনৰ প্ৰতি সন্মান জনোৱাৰ বাৱে চৰকাৰক আহ্বান জনায়। উক্ত কাৰ্যসূচীৰ জৰিয়তে বজালী জিলা ছাত্ৰ সন্থাই গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰখাৰ লগতে মত প্ৰকাশৰ স্বাধীনতা সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande