নিশাৰ প্ৰচণ্ড বৰষুণৰ ফলত গুৱাহাটীৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড জলপ্ৰলয়
গুৱাহাটী, ২০ জুলাই (হি.স.)। গুৱাহাটীত নিশাৰ ভিতৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। মহানগৰীৰ বিভিন্ন প্ৰান্তত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈ পৰে। গুৱাহা
Flash flood जलजमाव water logging कृत्रिम बाढ़


গুৱাহাটী, ২০ জুলাই (হি.স.)। গুৱাহাটীত নিশাৰ ভিতৰত হোৱা মুষলধাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। মহানগৰীৰ বিভিন্ন প্ৰান্তত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাপন ব্যাহত হৈ পৰে।

গুৱাহাটীৰ যোৰাবাট, বেহাৰবাৰী, আহোমগাঁও, হাতীগাঁও, গড়চুক, চাৰ্ভে, মালিগাঁও, জালুকবাৰী, চান্দমাৰী, শিলাপুখুৰী, তৰুণ নগৰ, অনিল নগৰ, নবীন নগৰকে ধৰি কেইবাটাও অঞ্চলত একাঁঠু পৰ্যন্ত পানীৰে উপচি পৰিল পথ।

পানী জমা হোৱাৰ বাবে মানুহে পানী ভাঙি পাৰ হ’বলগীয়া হৈছিল, আনহাতে কেইবাটাও স্থানত যাতায়ততো ব্যাঘাত জন্মিছিল । অবিৰত বৰষুণৰ বাবে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে । আগন্তুক দিনত অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande