ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানত জৰ্জৰিত জনতা
গুৱাহাটী, ২০ জুলাই (হি.স.)। ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানত জৰ্জৰিত জনতা। বিধায়কৰ তাৎক্ষণিক পদক্ষেপত আশ্বস্ত জনতা। এজাক মুষলধাৰ বৰষুণৰ পিছতে ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানৰ সৃষ্টিৰ ফলতে অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয়। উল্লেখ্য যে উলনিৰ ২৭ নং
ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানত জৰ্জৰিত জনতা।


ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানত জৰ্জৰিত জনতা।


গুৱাহাটী, ২০ জুলাই (হি.স.)। ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানত জৰ্জৰিত জনতা। বিধায়কৰ তাৎক্ষণিক পদক্ষেপত আশ্বস্ত জনতা। এজাক মুষলধাৰ বৰষুণৰ পিছতে ডিমৰীয়াৰ উলনিত কৃত্ৰিম বানৰ সৃষ্টিৰ ফলতে অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয়। উল্লেখ্য যে উলনিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা জে পি টিভিএছ ৰ এখন বাইকৰ শ্ব'ৰোমৰ সন্মুখত থকা নলাটো বন্ধ হৈ আছিল,যাৰ ফলত সমগ্ৰ উলনি অঞ্চলটো কৃত্ৰিম বানত জলমগ্ন হৈ পৰিছিল।

স্থানীয় ভুক্তভোগী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰাৰ পিছতো উক্ত প্ৰাকৃতিক নলাটো মুকলি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

আজি এই কৃত্ৰিম বানপানীৰ পিছতে ৰাইজ আৰু জাগ্ৰত হৈ পৰে আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে স্থানীয় বিধায়ক ড০ তপন দাস উপস্থিত হৈ উক্ত প্ৰাকৃতিক নলাটো মুকলি কৰি দিয়ে।

ইয়াৰ ফলত উলনিৰ ৰাইজৰ ভুগি অহা সমস্যাটো অলপ হ'লেও সমাধান হয়। আনহাতে এনে তাৎক্ষণিক পদক্ষেপৰ বাবে ৰাইজে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসৰো ল'লে শলাগ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande