
ধুবুৰী, ২০ জুলাই (হি.স.)। কোচবিহাৰৰ মধুপুৰ সত্ৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব মহা উৎসৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাপ্ৰয়ানৰ অন্তিম সংস্কাৰস্থলি তোৰষা নৈৰ পাৰৰ কাকত কুটা থানত আগন্তুক কাতি মাহত অনুষ্ঠিত হব মহা উৎসৱ। মধুপুৰ সত্ৰত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত ঘোষনা কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে। কাকত কুটা থানৰ উন্নয়নৰ স্বাৰ্থত এই মহা উৎসৱ অনুষ্ঠিত হ'ব । বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসক সভাপতি আৰু ধনান্তৰ ভকত (ধন) ক সম্পাদক হিচাপে লৈ ১৯ জনীয়া সমিতি গঠন । মহা উৎসৱত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাজনো মন্ত্ৰীক আমন্ত্ৰণ কৰিব আয়োজক সমিতিয়ে । সমান্তৰালভাৱে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী, বিধান সভাৰ অধ্যক্ষক নিমন্ত্ৰণ । অসম চৰকাৰক কাকত কুটা থান সংৰক্ষণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় আয়োজক সমিতিয়ে । সভাখনত উপস্থিত থাকে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস, অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, শিৱসাগৰ জিলাৰ ভাস্কৰ্য শিল্পী অমৃত মহন্তকে ধৰি অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ তথা ভক্ত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ