
কাছাৰ, ১৯ জুলাই (হি.স.)। অসম ৰাইফলছ আৰু ডিআৰআইৰ অভিযানত শিলচৰত ৫৯.২ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ। বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সাফল্য লাভ কৰিছে অসম ৰাইফলছ আৰু
ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (DRI) য়ে। গোপন তথ্যৰ ভিত্তিত শিলচৰৰ তাৰাপুৰ অঞ্চলত এখন ট্ৰাকত অভিযান চলাই অসম ৰাইফলছ আৰু
ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে বুজন পৰিমানৰ বিদেশী চিগাৰেট জব্দ কৰিব সক্ষম হয়।
জব্দ কৰা চিগাৰেট খিনিৰ মুল্য
৫৯.২ লাখ টকা বুলি সদৰী কৰিছে অভিযানকাৰী দলটোৱে। চিগাৰেট খিনি শিলচৰৰ মাজেৰে বহি: ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে। চিগাৰেটৰ সৈতে অবৈধ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক খনো জব্দ কৰে অভিযানকাৰী দলটোৱে। এই সংক্ৰান্তত এজন সৰবৰাহকাৰীক আটক কৰা হয়।
এই অভিযানৰ ফলত অঞ্চলটোত অবৈধ সামগ্ৰীৰ সৰবৰাহ ৰোধ আৰু চোৰাং ব্যৱসায়ৰ নেটৱৰ্ক ভাঙি পেলাবলৈ সক্ষম হৈছে অসম ৰাইফলছ আৰু ডিআৰআই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা