
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.) । কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ শুকানঝোৰাত বন বিভাগৰ বননিকৰণক কেন্দ্ৰ কৰি যোৱা কালি শনিবাৰে সন্ধিয়া সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি । ভূমিপুত্ৰ খিলঞ্জীয়া বড়ো জনগোষ্টীৰ লোকে ভূমি ৰক্ষাৰ বাবে বন বিভাগৰ বননিকৰণক বিৰোধিতা কৰি ওলাই আহে শ শ পুৰুষ মহিলা ।
যুগ যুগ ধৰি খেতি কৰা ভূমিত বন বিভাগক বননিকৰণ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে স্থানীয় ৰাইজে । ৰাইজে ইয়াৰ পূৰ্বেও বন বিভাগক ইয়াত বাগান নকৰিবলৈ অনুৰোধ জনাইছিল, তথাপিও বন বিভাগে ট্ৰেক্টৰৰে গছ পুলি লৈ কাম আৰম্ভ কৰিবলৈ অহাত সমগ্ৰ অঞ্চলবাসী ৰাইজ ওলাই আহে আৰু বন বিভাগৰ ট্ৰেক্টৰ ওভতাই পঠিয়ায় । স্থানীয় ৰাইজৰ মতে তেওঁলোক যুগ যুগ ধৰি খেতি কৰা এই মাটি কেতিয়াওঁ বন বিভাগক এৰি নিদিয়ে বুলি মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ