
গোলাঘাট, ১৯ জুলাই (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ দৈগ্ৰোঙত যোৱা কালি শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নুমলীগড়ৰ দৈগ্ৰোঙত এন.আৰ.এল. (NRL)-ৰ সামাজিক উন্নয়ন পুঁজি (CSR) লুণ্ঠন আৰু অপব্যৱহাৰক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ তথা মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক মহিলাই ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এনআৰএলৰ সামাজিক উন্নয়ন পুঁজি লুণ্ঠনৰ অভিযোগত প্ৰতিবাদ শতাধিক মহিলাই বৰষা বৰাক গ্ৰেপ্তাৰৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী।
প্ৰতিবাদকাৰীৰ অভিযোগ, বিদ্যুৎ চুৰি বাধা দিয়াৰ বাবে এজন ব্যক্তিক প্ৰহাৰ কৰাৰ লগতে এনআৰএলৰ সামাজিক উন্নয়নৰ পুঁজি লুণ্ঠনৰ অভিযোগ উত্থাপন কৰি এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । পিছত বোকাখাত সমজিলা আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় । অৱৰোধৰ ফলত ১২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত শ-শ যান-বাহন আবদ্ধ হৈ পৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ