
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জিআৰপি চকীৰ অন্তৰ্গত গংগীয়া নদীৰ দলংৰ সমীপৱৰ্তী এলেকাত ৰেলৱে ট্ৰেকত এজন অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে কালি বিয়লি দলংৰ সমীপৰ ও এইচ ই-২০৬-১-২ খুটাৰ ওচৰত এগৰাকী লোকৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাইজে ফকিৰাগ্ৰাম ৰেলৱে আৰক্ষীৰ সৈতে যোগাযোগ কৰে৷সেই মতে ৰেল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃত্যদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ প্ৰাপ্ত খবৰ অনুসৰি কালি বিয়লি নামনিমুৱা ৰেলৰ পৰা পৰি যুৱকজনে মৃত্যুমুখত পৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।ঘটনা সন্দৰ্ভত ৰেলৱে আৰক্ষীয়ে সদৰি কৰা মতে প্ৰায় ৩২ বছৰীয়া অচিনাক্ত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত চিনাক্তকৰণ কৰিবলৈ ৭২ ঘন্টাৰ বাবে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হ’ব বুলি জনাইছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ