

মৰিগাঁও, ১৯ জুলাই (হি.স.)। অচিৰেই দেশত আৰম্ভ হ’ব লোক গণনা৷ লোক গণনাক লৈ তৎপৰ হৈছে তিৱা সকল৷ বিশেষকৈ লোক গণনাত তিৱা সকলে কিদৰে নিজৰ তথ্য সন্নিৱিষ্ট কৰিব তাক লৈ আৰম্ভ হৈছে আলাপ আলোচনা৷ এই সন্দৰ্ভত জাগীৰোডত অনুষ্ঠিত হয় এখন বিশেষ সভা৷ ঐতিহাসিক তিৱা ৰাজদৰবাৰ, মধ্য অসমৰ তিৱা ৰজাসকল, পাহাৰত বসবাস কৰা তিৱা ৰজাৰ লৰ’, দলৈ সকল আৰু জোনবিল মেলা সমিতিৰ আহ্বানমৰ্মে অনুষ্ঠিত হয় এই সভা৷
সভাত আগন্তুক লোক গণনাত তিৱা সকলে জাতি হিচাপে লালুং (তিৱা), ভাষা হিচাপে লালুং (তিৱা) আৰু ধৰ্ম হিচাপে পিনুং সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ উক্ত সভাতে পাহাৰ আৰু ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী তিৱা লোকৰ মাজত এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ লগতে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বিশেষ সমিতি গঠন কৰা হয়৷ মধ্য অসমৰ মুঠ ২১ গৰাকী তিৱা ৰজাৰ উপস্থিতিত জুৰচিং বৰদলৈক সভাপতি, ডেনী আমচঙক সাধাৰণ সম্পাদক হিচাপে লৈ “ট্ৰই তিৱা পিনুং আকুৰাই চমত” নামৰ মুঠ ২১ জনীয়া সমিতিখন গঠন কৰে৷
হিন্দুস্থান সমাচাৰ / Narayan Kar