
তামুলপুৰ, ১৯ জুলাই (হি.স.)। তামুলপুৰৰ ২ নং পিপলানী গাওঁ খনত বন্য হস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা।
নিহত মহিলা গৰাকীৰ নাম জোনাকী বসুমতাৰী(৪৭) বুলি জানিব পৰা গৈছে।
ঘৰ ভাঙি থাকোতে পলাবলৈ চেষ্টা কৰা সময়ত মহিলা গৰাকীক আক্ৰমণ কৰি নিহত কৰে বন্য হস্তীয়ে।
উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা