
বিশ্বনাথ, ১৯ জুলাই (হি.স.)। চতিয়াত নিশা সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা। চতিয়াৰ বহুৱাবাৰী গাওঁৰ নিতুল বৰা নামৰ ব্যক্তিজনৰ ঘৰৰ গোহালীৰ পৰা নিশা চোৰে চুৰি কৰি নিয়ে এজনী গাই গৰুৰ লগতে এটা চেউৰী আৰু এটা দমৰা পোৱালী।
গোহালীত বান্ধি থোৱা গৰুৰ লেজু কাটি চোৰে গৰু চুৰি কৰি নিয়ে যদিও এৰি থৈ যায় গাই জনীয়ে জন্ম দিয়া ২৪ দিনিয়া এটা পোৱালি। ইতিমধ্যেই গৃহস্থই ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষীক অৱগত কৰিছে ।চতিয়াত চোৰৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে আৰক্ষীৰ নৈশ তহলদাৰীৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু