সৰ্থেবাৰীত আৰক্ষীৰ অভিযানত ছয় চোৰ কৰায়ত্ব
নলবাৰী, ১৯ জুলাই (হি.স.)। সৰ্থেবাৰীত চোৰৰ উপদ্ৰৱ চলি থকাৰ মাজতেই আৰক্ষীৰ জালত পৰিল ছয় চোৰ। আনহাতে চুৰি সামগ্ৰী ক্ৰয় কৰি আটক হল ৫ গৰাকী লোক। অৱশেষত চোৰৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিলে সফলতা। সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিল ছয় জনীয়া চোৰৰ গেঙৰ
সৰ্থেবাৰীত আৰক্ষীৰ অভিযানত ছয় চোৰ কৰায়ত্ব


নলবাৰী, ১৯ জুলাই (হি.স.)। সৰ্থেবাৰীত চোৰৰ উপদ্ৰৱ চলি থকাৰ মাজতেই আৰক্ষীৰ জালত পৰিল ছয় চোৰ। আনহাতে চুৰি সামগ্ৰী ক্ৰয় কৰি আটক হল ৫ গৰাকী লোক। অৱশেষত চোৰৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিলে সফলতা। সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিল ছয় জনীয়া চোৰৰ গেঙৰ লগতে চুৰি সামগ্ৰী ক্ৰয় কৰা পাঁচ গৰাকী লোক।

উল্লেখ্য যে সৰ্থেবাৰীত দিনক দিনে বৃদ্ধি পাই আছে চোৰৰ উপদ্ৰৱ। চোৰৰ তাণ্ডৱত এতিয়া টোপনি হৰিছে সাধাৰণ গঞাৰ। ক্ষুদ্ৰগোমূৰাৰ দ্বিজেন শৰ্মাৰ ঘৰত দুদিন ধৰি ধাৰাবাহিক ভাবে চোৰে চুৰিকাণ্ড সংঘটিত কৰিছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে দ্বিজেন শৰ্মাৰ ঘৰত প্ৰবেশ কৰি কাঁহৰ বাচন বৰ্তন, ইনভাৰ্টাৰৰ মেচিন সহ বিভিন্ন মুল্যবান সামগ্ৰী চুৰি কৰি লৈ যায়।

চি চি কেমেৰাত আবদ্ধ তথ্য অনুসৰি সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশজ্যোতি ডেকাই অতি ক্ষিপ্ৰতাৰে তদন্ত চলাই এই চুৰিকাণ্ড সংঘটিত কৰা চোৰৰ দলক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এই চুৰিকাণ্ডক গুৰুত্ব দি এই সম্পৰ্কত সক্ৰিয় হৈ পৰাৰ লগতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

সৰ্থেবাৰীৰ পৰা আটক কৰা চোৰ ছয় গৰাকী হল সৰ্থেবাৰী দীপাঙ্কৰ ডেকা বিজু ডেকা,বিকি ভূঞা,গুণজিত তালুকদাৰ, চিন্ময় তালুকদাৰ আৰু ৰাকেশ ডেকা। এই চোৰৰ চক্ৰই গোমুৰাৰ লগতে অন্য কেইবা ঠাইতো চুৰি কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়া বুলি জানিব পৰা গৈছে।ইপিনে এই চোৰৰ দলৰ পৰা চুৰি সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত পাঁচ গৰাকী লোকক আটক কৰা বুলি জানিব পৰা গৈছে। আটকাধীন লোক কেইজন হৈছে সৰ্থেবাৰীৰ অনুপ ভূঞা,দ্বীপেন ভূঞা, নসত্ৰৰ প্ৰণৱ ৰয়, বেলবাৰীৰ তপন ডেকা আৰু হেলছাৰ অতুল দাস। চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু চোৰে দেখুৱাই দিয়া অনুসৰি নৱজিত তালুকদাৰৰ দোকানৰ পিছফালে পৰিত্যক্ত অৱস্থাত চুৰি হোৱা কাঁহৰ সামগ্ৰীৰ বস্তা এটি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে চোৰৰ সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগত অভিযুক্ত নৱজিত তালুকদাৰ আৰু নব লহকৰ পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande