শিৱসাগৰত সংঘটিত পথ দুৰ্ঘটনাত কেইবাজনো আহত
শিৱসাগৰ, ১৯ জুলাই (হি.স.)। শিৱসাগৰত ভয়াবহ পথ দুৰ্ঘটনা। পথৰ দাতিত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বাহন। শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছত সংঘটিত দুৰ্ঘটনাটো। এনএল ০৭ চিবি ৭৭১৭ নম্বৰৰ এখন থাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত লুটি খাই পৰে। দুৰ্ঘটন
শিৱসাগৰত সংঘটিত পথ দুৰ্ঘটনাত কেইবাজনো আহত


শিৱসাগৰ, ১৯ জুলাই (হি.স.)। শিৱসাগৰত ভয়াবহ পথ দুৰ্ঘটনা। পথৰ দাতিত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বাহন। শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছত সংঘটিত দুৰ্ঘটনাটো। এনএল ০৭ চিবি ৭৭১৭ নম্বৰৰ এখন থাৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত লুটি খাই পৰে। দুৰ্ঘটনাটোৰ পাছতে বাহন খনত থকা ব্যক্তি কেইজন আঘাতপ্ৰাপ্ত অৱস্থাৰেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

স্থানীয় লোকে জনোৱা মতে পুৱাৰে পৰা হৈ থকা মুষলধাৰ বৰষুণ আৰু তীব্ৰ গতিৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে বাহন খনৰ পৰা স্থানীয় লোকে উদ্ধাৰ কৰে বহু সংখ্যক সুৰাৰ বটল। সুৰাৰ বটল উদ্ধাৰ কৰালৈ লক্ষ্য কৰি বাহন খনৰ আৰোহী কেইজন সুৰাসক্ত অৱস্থাত আছিল বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত উপস্থিত শিৱসাগৰ আৰক্ষী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande