
বাক্সা, ১৯ জুলাই (হি.স.)। বাক্সা জিলাৰ নাৰায়ণগুৰীত বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াই আতংকৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ ব্যাপক এলেকা খহনীয়াৰ কৱলত পৰিছে। ইয়াৰ মাজতে মানাহৰ ভাঙাৰপাৰ নাৰায়ণগুৰীত বেঁকী নৈৰ গৰাখহনীয়া পৰিদৰ্শন বিটিচিৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীয়ে ।
স্থানীয় ৰাইজৰ সৈতে অঞ্চলটোৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে পাৰিষদ গৰাকীয়ে। অঞ্চলটোত এনেদৰে গৰাখহনীয়া হৈ থাকিলে গোটেই শালবাৰী পৰিষদীয় সমষ্টিত প্ৰবল বানপানী হোৱাৰ আশংকা প্ৰকাশ কৰে পাৰিষদ দিগন্ত গয়াৰীয়ে। শীঘ্ৰেই নিজৰ এমচিএলএ ফাণ্ডৰ জৰিয়তে ৰাইজক গৰাখহনীয়া ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰে পাৰিষদ গৰাকীয়ে।
গৰাখহনীয়া পৰিদৰ্শনৰ সময়ত পাৰিষদ দিগন্ত গায়াৰীক কেবাগৰাকী দলীয় নেতাই সংগ দিয়ে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা