শুৱালকুছিত দুদিনিয়াকৈ অনুষ্ঠিত শুৱালকুছি কলা মহোৎসৱ
কামৰূপ, ১৯ জুলাই (হি.স.)। নটৰাজ কলা কেন্দ্ৰৰ উদ্যোগত কলা মহোৎসৱ ২০২৬ বিগত বছৰ সমূহৰ দৰে এইবেলিও শুৱালকুছি নটৰাজ কলা কেন্দ্ৰ আৰু ৰাইভি ইণ্টাৰনেচনেল সংস্থাৰ সহযোগত দুদিনিয়াকৈ অনুষ্ঠিত কৰা হৈছে শুৱালকুছি কলা মহোৎসৱ। দেশৰ কেইবাখনো ৰাজ্যৰ লোক সংস্
শুৱালকুছিত দুদিনিয়াকৈ অনুষ্ঠিত শুৱালকুছি কলা মহোৎসৱ


কামৰূপ, ১৯ জুলাই (হি.স.)।

নটৰাজ কলা কেন্দ্ৰৰ উদ্যোগত কলা মহোৎসৱ ২০২৬

বিগত বছৰ সমূহৰ দৰে এইবেলিও শুৱালকুছি নটৰাজ কলা কেন্দ্ৰ আৰু ৰাইভি ইণ্টাৰনেচনেল সংস্থাৰ সহযোগত দুদিনিয়াকৈ অনুষ্ঠিত কৰা হৈছে শুৱালকুছি কলা মহোৎসৱ।

দেশৰ কেইবাখনো ৰাজ্যৰ লোক সংস্কৃতিৰ কলা কৃষ্টি প্ৰদৰ্শন কৰা এই মহোৎসৱৰ জৰিয়তে।

মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ,

উত্তৰপ্ৰদেশ আৰু দিল্লীৰ সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰে সমাৰোহৰ মঞ্চত ।

২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে ৫০ গৰাকী নৃত্য শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে এই কলা সমাৰোহত ।

শুৱালকুছি প্ৰক্ষাগৃহত অনুষ্ঠিত হোৱা এই কলা মহোৎসৱৰ লগত সংগতি ৰাখি সংস্কৃত,

শিপিনী, সংবাদিক, গৱেষক, কৃষক, চিকিৎসক, সাহিত্যকে ধৰি সমাজৰ বিভিন্ন সেৱাত জড়িত লোকসকলক বিভিন্ন শিতানত প্ৰদান কৰা হয় বিশেষ বঁটা ।

শুৱালকুছি কলা সন্মান,

শুৱালকুছি কলা শিৰোমণি সন্মান,

শুৱালকুছি গ্ৰাম্যসূৰ্য সন্মান আৰু শুৱালকুছি নটৰাজ কলা ৰত্ন সন্মান নামেৰে চাৰিটাকৈ বিশেষ বঁটা প্ৰদান কৰা হয় এই মহোৎসৱৰ জৰিয়তে ।

শুৱালকুছি নটৰাজ কলা ৰত্ন সন্মান প্ৰদান কৰা হৈছে ক্ৰমে প্ৰবাসী ভাৰতীয় তথা আমেৰিকা নিবাসী বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী সুণিতা ত্ৰিকাৰেক, শাস্ত্ৰীয় সংগীত শিল্পী পংকজ নমো:সুদ্ৰ, লোকশিল্পী ধনজিৎ দত্ত, ভোজপুৰী অভিনেতা সুনিল দত্ত আৰু লোকশিল্পী ৰূপম ডেকাক।

শুৱালকুছি গ্ৰাম্য সূৰ্য সন্মানৰ বাবে বাচনি কৰা হৈছে হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ দাসক,

শুৱালকুছি কলা শিৰোমণি সন্মানৰ প্ৰদান কৰা হৈছে সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা দূৰদৰ্শন কেন্দ্ৰৰ বিশিষ্ট শিল্পী ৰাম কৃষ্ণ তালুকদাৰ আৰু বিশিষ্ট সত্ৰীয়া নৃত্য শিল্পী ৰিঞ্জু মণি শইকীয়াক।

আনহাতে শুৱালকুছি কলা সন্মান প্ৰদান কৰা হৈছে কবি সাহিত্যক ভাগৱতী বাপ মলিন কলিতা, বিশিষ্ট সমাজকৰ্মী, প্ৰযোজক হেমন্ত কলিতা আৰু জ্য়েষ্ঠ্য সাংবাদিক কনক বৈশ্যক ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande