
কোকৰাঝাৰ, ১৯ জুলাই (হি.স.)। কোকৰাঝাৰ চহৰত পুণৰ চোৰৰ সন্ত্ৰাস । সঘনাই সংঘটিত হোৱা চুৰিকাণ্ডই ভীতিগ্ৰস্থ কৰি তুলিছে সাধাৰণ জনতাক । এইবাৰ কোকৰাঝাৰ ৰে'লৱে ষ্টেচন মাষ্টাৰৰ ঘৰতে চুৰিকাণ্ড । কোকৰাঝাৰ ৰেল ষ্টেচন ৰোড স্থিত ষ্টেচন মাষ্টাৰ চন্দন কুমাৰৰ ঘৰত চোৰৰ চাফাই অভিযান ।
চোৰে লুটি নিলে সোণ , টকা -পইচা । প্ৰায় ৩/৪ লক্ষাধিক টকাৰ আ অলংকাৰ সহ নগদ ৭ হাজাৰ মান টকাও লুটি নিলে চোৰে । লগতে চোৰে লুটি নিলে দুটা মোবাইল ফোন । চোৰে কৌশলেৰে খিৰিকীৰে দৰজাৰ হুক খুলি ভিতৰত প্ৰৱেশ কৰি চুৰি কাণ্ড সংঘটিত কৰে ।উল্লেখ্য ইয়াৰ পূৰ্বে উক্ত ষ্টেচন ৰোডত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন টানি নিছিল চিলনী চোৰে । ইয়াৰোপৰি কেইদিনমান আগতে কোকৰাঝাৰ চহৰৰ সুভাষপল্লীতো এগৰাকী ব্যৱসায়ীৰ ঘৰৰ পৰা চোৰে প্ৰায় ৭ লাখ টকাৰ আ অলংকাৰ সহ ২৫ হাজাৰ টকা লুটি নিছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ