
দৰং, ১৯ জুলাই (হি.স.)। দৰং জিলাৰ ছিপাঝাৰৰ কানিদলত দুজন লোকৰ ধন কাঢ়ি পলায়ন কৰা দুই যুৱকক কৰায়ত্ত কৰা হৈছে। ধন কাঢ়ি পলায়ন কৰাৰ সময়তে ৰাইজে ধৰি উত্তম মধ্য়ম সোধাই আৰক্ষীক গতাই দিয়ে ।
জানিব পৰামতে,
ছিপাঝাৰৰ কানিদললৈ স্কুটী লৈ আহিছিল ধন কাঢ়ি নিয়া যুৱক দুজন।
যুৱক দুজন অসমৰ বাহিৰৰ বুলি চিনাক্ত কৰা হৈছে।
কানিদল পথাৰত খেদা খেদি কৰি ৰাইজে দুয়োকে কৰায়ত্ত কৰে।
অৱশেষত স্থানীয় ৰাইজৰ সহযোগত ধন কাঢ়ি লোৱা যুৱক দুজনক আৱদ্ধ কৰি ছিপাঝাৰ আৰক্ষীক চমজাই দিয়ে ।
যুৱক দুজন ডকাইত নে আন কিবা জানিব পৰা হোৱা নাই ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা