
দৰং, ১৯ জুলাই (হি.স.)। নিজৰ উদ্ভাৱনী শক্তিৰে উজলি উঠিছে দৰং জিলাৰ ছিপাঝাৰৰ এজন যুৱক। বিদ্যুৎ চালিত এবিধ সজুলি উদ্ভাৱন কৰি 'গুজৰাট শক্তি উদ্ভাৱন বটা'ৰ বাবে নিৰ্বাচিত হৈছে ছিপাঝাৰৰ বিষ্ণুপুৰৰ মূদু ডেকা নামৰ যুৱকজন । অহা ২২ জুলাইত আহমেদাবাদত এই বঁটা প্ৰদান কৰা হ’ব গ্ৰাম্য উদ্ভাৱক গৰাকীক।
মূলত শিপিনী সকলক সকাহ দিয়াৰ লক্ষ্যৰে ছাত্ৰ গৰাকীয়ে উদ্ভাৱন কৰিছিল এই বিশেষ যন্ত্ৰবিধ । অসমৰ থলুৱা শিপিনী সকলে যাতে সহজতে সূতা ভৰাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্ভাৱন কৰা এই যন্ত্ৰবিধে দেশৰ শীৰ্ষ দহগৰাকীক উদ্ভাৱকৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা