নুমলীগড়ত ককায়েকৰ প্ৰহাৰত প্ৰাণ গ’ল ভায়েকৰ
গোলাঘাট, ১৯ জুলাই (হি.স.)। নুমলীগড়ত নৃশংস হত্যাকাণ্ড। ককায়েকৰ প্ৰহাৰত প্ৰাণ গ’ল ভায়েকৰ। নুমলীগড়ৰ কানাইঘাট-যমুনাতলীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিশা ১২ বজাত ককায়েক-ভায়েকৰ মাজত সংঘটিত প্ৰচণ্ড কাজিয়া হয়। ককায়েক দীপক ওৰাঙৰ প্ৰহাৰত ভায়েক সন্তোষ ওৰ
নুমলীগড়ত ককায়েকৰ প্ৰহাৰত প্ৰাণ গ’ল ভায়েকৰ


গোলাঘাট, ১৯ জুলাই (হি.স.)। নুমলীগড়ত নৃশংস হত্যাকাণ্ড। ককায়েকৰ প্ৰহাৰত প্ৰাণ গ’ল ভায়েকৰ। নুমলীগড়ৰ কানাইঘাট-যমুনাতলীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিশা ১২ বজাত ককায়েক-ভায়েকৰ মাজত সংঘটিত প্ৰচণ্ড কাজিয়া হয়। ককায়েক দীপক ওৰাঙৰ প্ৰহাৰত ভায়েক সন্তোষ ওৰাং গুৰুতভাৱে আহত হয় আৰু পুৱা কৰুণ মৃত্যুক আঁকোৱালি লয়।

খেতিৰ কামক লৈ প্ৰথমে বাক-বিতণ্ডা হৈছিল। তাৰ পিছতে কাজিয়াৰ সূত্ৰপাত হয়। ইতিমধ্যে হত্যাকাৰী ভাতৃক নুমলীগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। ইপিনে, মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande