দিখৌ নদীৰ মথাউৰিৰ খহনীয়াই নাজিৰালৈ আনিছে ভয়ংকৰ বিপদ
শিৱসাগৰ, ১৯ জুলাই (হি.স.)। বাৰিষা আৰম্ভ হ''লেই বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু দিখৌ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন প্ৰান্তৰ মথাউৰি খহনীয়াই নাজিৰা বাসী লৈ ভয়ংকৰ বিপদৰ সংকেত কঢ়িয়াই অনাত ভীতিগ্ৰস্ত হৈ পৰিছে জনগণ । দিখৌ নদীৰ কাষৰীয়া অঞ্চল
দিখৌ নদীৰ মথাউৰিৰ খহনীয়াই নাজিৰালৈ আনিছে ভয়ংকৰ বিপদ


শিৱসাগৰ, ১৯ জুলাই (হি.স.)। বাৰিষা আৰম্ভ হ'লেই বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানী আৰু দিখৌ নদীৰ বাঢ়নী পানীয়ে বিভিন্ন প্ৰান্তৰ মথাউৰি খহনীয়াই নাজিৰা বাসী লৈ ভয়ংকৰ বিপদৰ সংকেত কঢ়িয়াই অনাত ভীতিগ্ৰস্ত হৈ পৰিছে জনগণ । দিখৌ নদীৰ কাষৰীয়া অঞ্চলৰ মথাউৰি প্ৰান্তে প্ৰান্তে ভয়াবহ ভাৱে খহনীয়া সৃষ্টি কৰিছে ।

নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰৰ ৭ নং ৱাৰ্ডৰ আমোলাপট্টিৰ দিখৌৰ মথাউৰিৰ এটা অংশ চপৰা চপৰে খহি আহিব ধৰাত কাষৰীয়া অঞ্চলৰ ৰাইজে ভয়ংকৰ বিপদৰ আশংকাত ভুগিছে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ সু-ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যোৱা নিশাৰে পৰা মুষলধাৰ বৰষুণ আৰু দিখৌ নদীৰ জলধাৰা ফেনে - ফুতুকাৰে বাঢ়ি অহাত মথাউৰি খহনীয়া অংশই নাজিৰা বাসী লৈ ভয়াবহ বিপদৰ সংকেত কঢ়িয়াই আনিছে। তেনে পৰিস্থিতিত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ সু-ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুৱাৰে পৰা স্থানীয় ৰাইজে দিখৌৰ মথাউৰিয়েদি যান - বাহন চলাচল বন্ধ কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande